ড০ জয়ন্ত বিশ্ব শর্মা
‘মানৱ অস্তিত্বৰ চূড়ান্ত উদ্দেশ্য কি?’ ২৩০০ বছৰতকৈও পূর্বে এৰিষ্টটলে এটা তত্ত্ব উপস্থাপন কৰিছিল৷ সেই পৰম উদ্দেশ্য বা লক্ষ্য কি যাৰ বাবে আমি নিজকে সমর্পিত কৰা উচিত? নিঃসন্দেহে মানুহে ইন্দ্রিয় সুখানুভূতি, ধন-সম্পত্তি আৰু যশ-প্রতিপত্তি বিচাৰে৷ এইবোৰৰ প্রত্যেকৰে নিজস্ব কিছু মূল্য থাকিলেও মানৱ অস্তিত্বৰ চূডান্ত উদ্দেশ্য বুলি প্রত্যয় যাব নোৱাৰি৷ এটা পৰিণতি চূড়ান্ত বিবেচিত হ’বলৈ হ’লে ই আন এটা উদ্দেশ্য সাধনৰ মাধ্যম নহয় বৰং নিজেই একমাত্র কাম্য হ’ব লাগিব৷ ই এক স্বয়ংসম্পূর্ণ, পৰিপূর্ণ আৰু শেষ সিদ্ধান্ত হ’ব লাগিব৷ এৰিষ্টটলে তেওঁৰ নিকোমাচিয়ান বিধি (Nicomachean Ethics) নামৰ গ্রন্থত নির্মল বা বিমল আনন্দপ্রাপ্তি আৰু সন্তোষ উপলব্ধিকেহ মানৱ জীৱনৰ পৰম ডদ্দেশ্য বুলি অভিহিত কৰিছিল৷ ইন্দ্রিয় সুখানুভূতি, ধন-সম্পত্তি আৰু যশ-প্রতিপত্তিয়ে আমাক সাময়িক সুখ-সন্তুষ্টি দিব পাৰে৷ কিন্তু পৰম আনন্দ আৰু সন্তোষ উপলব্ধিহে এৰিষ্টটলৰ মতে জীৱনৰ শেষ উদ্দেশ্য৷ গ্রীক ইউডাইমনিয়া(Eudaimonia) শব্দটোৰে এৰিষ্টটলে এই উপলব্ধিক অভিহিত কৰিছিল৷ আধুনিক ধাৰণাত ইউডাইমনিয়াৰ সম্পূর্ণ অর্থ সংজ্ঞায়িত কৰা টান৷ কিন্তু এয়া হন্দ্রিয় সুখানুভূতি বা ক্ষণিকৰ আনন্দ ইউডাইমনিয়া নহয়৷ ইউডাইমনিয়া হৈছে জীৱনৰ চূড়ান্ত সর্বমুঠপ্রাপ্তিৰ এক উপলব্ধি৷ ই ইন্দ্রিয়লব্ধ সুখদায়ক অনুভূতিৰ দৰে কেইঘণ্টামানৰ ভিতৰতে লাভ বা হেৰুৱাব পৰা বস্তু নহয়৷ ভাৰতীয় দর্শনত বিশেষকৈ বেদান্তত সৎচিতানন্দ (সৎ–চিৎ–আনন্দ), সত্য-চেতনা-আনন্দ, ধাৰণাটো এইক্ষেত্রত প্রণিধানযোগ্য৷ সৎচিতানন্দ হৈছে পৰম ব্রহ্মবা পৰম সত্যৰ স্বৰূপ৷ পৰম ব্রহ্ম এক আনন্দময় বিশুদ্ধ চেতনা৷ জীৱাত্মাৰ স্বৰূপো পৰম ব্রহ্মৰ পৰা ভিন্ন নহয়৷ আনন্দময় চেতনাৰ স্থায়ী উপলব্ধিপ্রাপ্তি ভাৰতীয় দর্শনতো মানৱ অস্তিত্বৰ চূডান্ত উদ্দেশ্য৷
সাধাৰণভাৱেও সুখৰ সাধনা(Persuit of Happiness) মানুহৰ সহজাত ধর্ম৷
আধুনিক সময়ত সুখৰ সংজ্ঞা কি বুজিবলৈ চেষ্টা অব্যাহত আছে৷ কেনেকৈ এই সুখী জীৱনৰ অধিকাৰী হ’ব পৰা যায়৷ ইয়াৰ সঁচাৰকাঠী কি? এটা মানসম্পন্ন বা ভাল জীৱন কেনেকৈ লাভ কৰিব বা গঢ়ি তুলিব পাৰি?
প্রথমে জীৱনৰ মান (Quality of Life) মানে কি বুজিব লাগিব৷
ইয়াক মানুহ এজনে অনুভৱ কৰা সুখ বা সন্তুষ্টিৰ পৰিমাপ অর্থাৎ এটা বিষয়নিষ্ঠ (Subjective) ব্যক্তিগত উপলব্ধি বুলি ক’ব পাৰি৷ জীৱনসাপেক্ষে ব্যক্তিৰ সামগ্রিক সন্তুষ্টি অতিবাহিত কৰি থকা জীৱনটোৰ মানৰ মাপকাঠী হ’ব পাৰে৷ অর্থাৎ মোৰ মূল্যবোধ আৰু প্রয়োজনীয়তাৰ আধাৰত মোৰ জীৱনৰ মান মহ লাভ কৰা সুখ বা সন্তুষ্টিৰ পৰিমাণ৷ আনহাতে নির্ধাৰিত লক্ষ্য সাধনৰ দিশত সফলতা বা জীৱনটোৰ সামাজিক উপযোগিতা কিমান এহ বস্তুনিষ্ঠ বিবেচনাৰেও আনৰ সৈতে তুলনামূলকভাৱে জীৱনৰ মান সংখ্যাগতভাৱে উপস্থাপন কৰিব পাৰি৷ সাধাৰণতে স্বাস্থ্য, শাৰীৰিক সক্ষমতা, ব্যক্তিগত পৰিস্থিতি আৰু সামাজিক আৰু পৰিয়াল জীৱনকে ধৰি বহুকেহটা ক্ষেত্র সাঙুৰি এক মিশ্রিত পৰিমাপৰ মাপকাঠীৰে জীৱনৰ মান জোখা হয়৷ কিন্তু সুখ বা জীৱনৰ মান নির্ধাৰণৰ মাপকাঠী আৰু হয়াৰ মূল্যায়ন সম্পর্কে ভিন্ন মত আছে৷ এটা সর্বসন্মত সূত্রৰে হয়াক সংজ্ঞায়িত কৰা কঠিন৷
ব্যক্তিগত সুখ–সন্তুষ্টিৰ পৰিমাপ ব্যক্তি এজনৰ বিষয়নিষ্ঠ মনোভাব৷ প্রত্যেকৰে বাবে গুণগত জীৱনৰ অর্থ আৰু সন্তুষ্টি ভিন্ন হ’ব পাৰে৷ উদাহৰণ স্বৰূপে, এজন ব্যক্তিয়ে মানুহৰ সৈতে সম্পর্কক অগ্রাধিকাৰ দিব পাৰে৷ আন এজনে সৃষ্টিশীল সাধনা বা প্রতিযোগিতামূলক সাফল্য বা পেছাদাৰী উন্নতিৰ বাবে সম্পর্ক ত্যাগ কৰিবলৈ প্রস্তুত হ’ব পাৰে৷ নির্দিষ্ট ক্ষেত্রসমূহত সফলতাৰ মূল্যায়ন বস্তুনিষ্ঠ, তুলনামূলক আৰু সংখ্যাগতভাৱে উপস্থাপন কৰিব পাৰি৷ সেয়ে আজিকালি মনোভাব আৰু বস্তুনিষ্ঠ মূল্যায়ন এহ দুটা পদ্ধতিৰ মাজত সমন্বয় কৰি মাপকাঠী উলিওৱা হৈছে৷ ক্ষেত্রসাপেক্ষে সেই ক্ষেত্রত ব্যক্তি এজনৰ সন্তুষ্টিৰ অগ্রাধিকাৰৰ সমানুপাতিকভাৱে বস্তুনিষ্ঠ মূল্যায়নৰ সংখ্যাগত ওজন লৈ জীৱনৰ মান নিৰূপণ কৰা পদ্ধতি এটা উপযুক্ত বিবেচনা কৰা হয়৷ উদাহৰণেৰে বুজাবলৈ হ’লে এজন অবস্তুবাদী ব্যক্তিৰ বাবে যাৰ মৌলিক প্রয়োজন পূৰণ কৰিব পৰাকৈ পর্যাপ্ত আয় আছে তেওঁৰ বাবে মাহিলি বা বার্ষিক আয় বা সা–সম্পত্তিৰ পৰিমাণ জীৱনৰ সামগ্রিক সন্তুষ্টিৰ বাবে গৌণ বা এটা সৰু অৰিহণা৷ তেওঁৰ ক্ষেত্রত আয় বা সা-সম্পত্তিৰ বস্তু নি মূল্যায়নৰ সংখ্যাগত মানৰ ওজন সামগ্রিক পৰিমাপৰ বাবে আন এখন ক্ষেত্রতকৈ কমকৈ আহিব৷ তেওঁৰ বাবে হয়তো স্বাস্থ্য, শাৰীৰিক সক্ষমতাৰ বস্তুনিষ্ঠ মূল্যায়নৰ ওজন বেছিকৈ লোৱা হ’ব৷ ব্যক্তি এজনৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য, মানুহৰ সৈতে তেওঁৰ সম্পর্ক, গোষ্ঠী, সামাজিক আৰু নাগৰিক কার্যকলাপ, ব্যক্তিগত বিকাশ আৰু পূর্ণতা আৰু অৱসৰ–বিনোদন আদি ক্ষেত্র জীৱনৰ মান মূল্যায়নৰ বাবে বিচার্য হ’ব পাৰে৷ প্রতিখন ক্ষেত্রৰ পৰা কিমান ওজন সামগ্রিক মূল্যায়নৰ বাবে লোৱা হ’ব সেয়া ব্যক্তিজনৰ সন্তুষ্টি কোন কোন ক্ষেত্রত তেওঁৰ বাবেধিক মহত্ত্বপূর্ণ নির্ভৰ কৰিব৷
এইক্ষেত্রত মার্টিন চেলিগমেনৰ PERMA মডেলটো প্রণিধানযোগ্য৷ PERMAহPositive emotion (ইতিবাচক আৱেগ), Engagement (সম্পূর্ণৰূপে নিয়োজিত), Relationships (ইতিবাচক সম্পর্ক), Meaning (অর্থৰ সন্ধান) আৰু Accomplishments (সাফল্য বা কৃতিত্ব) এহকেইখন ক্ষেত্র বা এহকেইটা ধাৰণা প্রতিনিধিত্ব কৰে৷ এই প্রতিখন ক্ষেত্র এজন ব্যক্তিৰ মানসিক কল্যাণ আৰু সুখৰ আধাৰ হ’ব পাৰে৷ চেলিগমেনৰ পূর্বে আব্রাহাম মেছল’ৱে এজন উৎকর্ষিত ব্যক্তিৰ বৈশিষ্ট্যসমূহৰ ভিতৰত কল্যাণময় (Wellbeing) অনুভূতি অন্যতম হিচাপেবর্ণনা কৰিছিল৷
Positive emotion– ইতিবাচক আৱেগ
আশা, আগ্রহ, আনন্দ, প্রেম, মমতা, গৌৰৱ, আমোদ আৰু কৃতজ্ঞতা আদি ইতিবাচক আৱেগ মানুহে আহৰণ কৰিব পাৰে৷ ইতিবাচক আৱেগ কেৱল সুখানুভূতিয়েহ নহয়৷ ব্যক্তিত্বৰ বিকাশ আৰু আত্মকল্যাণৰ বাবে ইতিবাচক আৱেগ সহায়ক৷ ব্যক্তিয়ে ইতিবাচক আৱেগক দৈনন্দিন জীৱন আৰু ভৱিষ্যৎ জীৱনৰ কল্পনাত সন্ধান কৰি পাথেয় কৰিলে ই চিন্তা স্বতঃস্ফূর্ত কৰে আৰু কাম–কাজ উন্নত কৰে৷ ইতিবাচক আৱেগে নেতিবাচক আৱেগে কৰা ক্ষতি প্রশমিত কৰে৷ ই মানুহৰ স্থিতিস্থাপকতা (Resilience)বৃদ্ধি কৰে৷ স্থিতিস্থাপকতা হৈছে পৰিপন্থী পৰিস্থিতি বা বাধাই বিধি–পথালি দিলেও অদম্য হৈ থাকিব পৰা বা পুনৰ সচেষ্ট হৈ উঠাৰ চাৰিত্রিক বৈশিষ্ট্য৷ ইতিবাচক আৱেগে ব্যক্তিক শাৰীৰিক, বৌদ্ধিক আৰু মানসিকভাৱে উৎকর্ষিত কৰে আৰু সামাজিক ক্ষেত্রত এক সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰে৷
ইতিবাচক আৱেগ বঢ়াবলৈ কেইটামান ডপায়–
১) ভাল পোৱা আৰু সন্মান কৰা মানুহৰ সৈতে অধিক সময় কটোৱা৷
২) চখ অনুযায়ী সৃষ্টিশীল কার্যকলাপ কৰা৷
৩) প্রেৰণাদায়ী সংগীত শুনা৷
৪) মনত উদয় হোৱা কৃতজ্ঞতাৰ ভাব আৰু জীৱনত কি ভালদৰে চলি আছে সেহ সম্পর্কে আত্মপ্রতিফলন কৰা৷
Engagement- সম্পূর্ণৰূপে নিয়োজিত
সম্পূর্ণৰূপে নিয়োজিত ধাৰণাটোৱে সংগীতৰ সৈতে একাত্ম হৈ পৰা বা এটা ঘটনা বা কর্মপ্রবাহত আত্মবিভোৰ হৈ পৰা ধৰণৰ এক বৈশিষ্ট্যক বুজায়৷ এটা প্রত্যাহ্বানৰ দক্ষতাৰে সন্মুখীন হোৱা মানুহ এজন কামটোত সম্পূর্ণৰূপে মনোনিৱেশ কৰিব পাৰে বা নিয়োজিত হৈ পৰে৷ মানুহজনে ভূত–ভৱিষ্যৎ পাহৰি বর্তমানৰ মুহূর্তটোতেই জীয়াই থাকে৷ ই সুখানুভূতিতকৈও ধনাত্মক এক অনুভূতি৷ নিজৰ আটাহতকৈ বেছি পাৰদর্শিতা থকা বিষয়ত মানুহে সহজে সম্পূর্ণৰূপে নিয়োজিত অনুভৱৰ অভিজ্ঞতা পাব পাৰে৷ নিয়োজিত হৈ থকাৰ অভিজ্ঞতা বঢ়াবলৈ কেহটামান উপায়–
(১) সঁচাকৈয়ে ভাল পোৱা কার্যকলাপত অংশগ্রহণ কৰা, য’ত সময়ৰ লেখ নাথাকে৷
(২) দৈনন্দিন সাধাৰণ যেন লগা কাম–কাজতো বর্তমানৰ মুহূর্তত জীয়াই থকাৰ অভ্যাস কৰা৷
(৩) প্রকৃতিত সময় কটোৱা, তোমাৰ চৌপাশে কি ঘটিছে শুনা আৰু পর্যবেক্ষণ কৰা৷
(৪) নিজৰ চৰিত্রৰ শক্তি চিনাক্ত কৰা আৰু যিবোৰ কামত সহজাতভাৱে পাৰদর্শী সেইবোৰ কাম কৰা৷
Relationships – ইতিবাচক সম্পর্ক
আমাৰ সকলো পাৰস্পৰিক সম্পর্ক যেনে– পতি–পত্নী,বন্ধু–সহকর্মী,পৰিয়ালৰ সদস্য, গুৰু–তত্ত্বাৱধায়ক আৰু সামগ্রিকভাৱে সমাজ–সম্প্রদায়ৰ সৈতে কৰা বিভিন্ন পাৰস্পৰিক ক্রিয়া–কলাপক ইতিবাচক সম্পর্কই সামৰি লয়৷ আমাৰ সৈতে সম্পর্কিতসকলে আমাৰ প্রতি দিয়া অনুমোদন, সমর্থন, ভাল পোৱা আৰু গুৰুত্বৰ অনুভৱ ইতিবাচক সম্পর্কৰ বৈশিষ্ট্য৷ সকলোৰে বাবে ইতিবাচক সম্পর্ক প্রয়োজনীয়, কিন্তু বয়স বঢ়াৰ লগে লগে ই বিশেষভাৱে গুৰুত্বপূর্ণ হৈ পৰে৷ শক্তিশালী সামাজিক নেটৱর্কে বয়সস্থসকলৰ মানসিক সক্রিয়তা আনকি শাৰীৰিক স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায়৷ চিনাকিসকলৰ প্রতি বিশেষকৈ ঘনিষ্ঠসকলৰ প্রতি উৎসাহেৰে সঁহাৰি জনোৱাটোৱে পাৰস্পৰিক ঘনিষ্ঠতা, কল্যাণময় ভাব আৰু সন্তুষ্টি বৃদ্ধি কৰে৷ ইতিবাচক সম্পর্ক গঢ়ি তুলিবলৈ কেইটামান উপায়–
(১) ভাল পোৱা বিষয় সম্পর্কীয় পাঠ্যক্রম অতিৰিক্ত পাঠ বা গ্রুপত যোগদান কৰা৷
(২) ভালদৰে চিনি নোপোৱা লোককো প্রশ্ন সোধা, যাতে তেওঁলোকৰ বিষয়ে অধিক জানিব পাৰা৷
(৩) চিনাকি মানুহৰ লগত বন্ধুত্ব গাঢ় কৰা৷
(৪) কিছুদিন কথা নপতা বা সংযোগ নোহোৱা চিনাকিৰ সৈতে পুনৰ যোগাযোগ কৰা৷
Meaning – অর্থৰ সন্ধান
অর্থৰ সন্ধান, মূল্য আৰু মূল্যবোধ প্রয়োজনীয়তা মানুহৰ সহজাত প্রৱণতা৷ অর্থ হৈছে নিজতকৈ বিশাল কিবা এটা ডদ্দেশ্যত অন্তর্ভুক্তি অথবা সেৱাত নিয়োজিত হৈ থকাৰ তাগিদা৷ জীৱনৰ অর্থ বা উদ্দেশ্যই ব্যক্তিক প্রত্যাহ্বান বা প্রতিকূলতাৰ সন্মুখতো গুৰুত্বপূর্ণ বিষয়ত মনোনিৱেশ কৰি থকাত সহায় কৰে৷ জীৱনৰ অর্থ বা মূল্য আৰু মূল্যবোধ সকলোৰে বাবে বেলেগ বেলেগ৷ নিজৰ বৃত্তি, সামাজিক বা ৰাজনৈতিক নীতি–আদর্শ, সৃষ্টিশীল কর্ম বা ধর্মীয় আৰু আধ্যাত্মিক বিশ্বাসৰ জৰিয়তে মানুহে জীৱনৰ অর্থ অনুসৰণ কৰে৷ নিজৰ বৃত্তি অথবা বৃত্তি বা পাঠ্যক্রমৰ বাহিৰৰ স্বেচ্ছাসেৱী বা সামাজিক কার্যকলাপৰ জৰিয়তে অর্থ বিচাৰি পোৱা যাব পাৰে৷ব্যক্তিগত মূল্যবোধৰ দ্বাৰাই জীৱনৰ অর্থ নিৰূপিত বা পৰিচালিত হয়৷ যিসকল লোকে জীৱনৰ উদ্দেশ্য থকা বুলি অনুভৱ কৰে তেওঁলোক দীর্ঘজীৱী হোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাতো কমকৈ ভোগে৷ জীৱনত অধিক সন্তুষ্টি লাভ কৰে৷ জীৱনৰ অর্থ গঢ়ি তোলাৰ উপায়–
(১) গুৰুত্বপূর্ণ বিবেচনা কৰা কোনো এটা কাৰণ বা সংগঠনৰ সৈতে জড়িত হোৱা৷
(২) কৰিবলৈ বিচৰা থকা সৃষ্টিশীল কামত নিয়োজিত হ’বলৈ চেষ্টা কৰা৷
(৩) নিজৰ ৰুচি–অভিৰুচি ব্যৱহাৰ কৰি কেনেকৈ আনক সহায় কৰিব পাৰি চিন্তা কৰা৷
(৪) যিসকলৰ কল্যাণ নিজৰ বাবে অগ্রাধিকাৰ তেনে লোকৰ সৈতে অধিক আনন্দময় সময় কটোৱা৷
Accomplishments – সাফল্য বা কৃতিত্ব
ব্যুৎপত্তি বা দক্ষতা আহৰণকো সাফল্য বা কৃতিত্বৰ ভিতৰত ধৰা হয়৷ অধ্যৱসায় আৰু লক্ষ্যত ডপনীত হোৱাৰ তাগিদাও এক সাফল্য৷ লক্ষ্যৰ দিশত কাম কৰি ডপনীত হোৱা, এটা বিষয়ত ব্যুৎপত্তি আয়ত্ত কৰা আৰু আৰম্ভ কৰা কামটো শেষ কৰিবলৈ আত্মপ্রেৰণা অব্যাহত ৰখা আদিয়ে সাফল্যৰ অনুভূতি দিয়ে৷ ব্যক্তিয়ে সফলতাক লৈ গৌৰৱ কৰিব পাৰে৷ কিন্তু সমৃদ্ধিশালী আৰু কল্যাণময় ভাব এটা তেতিয়াহে আহে, যেতিয়া সাফল্যমণ্ডিত হ’বলৈ কৰা সাধনা বা অধ্যৱসায় নিজৰ অন্তর্নিহিত প্রেৰণা বা ভাল পোৱা কামৰ সৈতে সংগতিপূর্ণ বা জডিত হৈ থাকে৷বাহ্যিক লক্ষ্য যেনে– ধন-যশতকৈ অন্তর্নিহিত প্রৱণতাৰ ডৎকর্ষ সাধন হ’লেহে কল্যাণময় ভাব আহৰণৰ ক্ষেত্রত বৃহৎ অৰিহণা হয়৷ সাফল্য বা কৃতিত্ব অর্জন কৰিবলৈ কেহটামান ডপায়–
(১)SMART (Specfic, Measurable, Achievable, Realistic and Timely) অর্থাৎ নির্দিষ্ট, জুখিব পৰা, সাধনযোগ্য, বাস্তৱসন্মত আৰু সময় নির্ধাৰিত লক্ষ্য নির্ধাৰণ কৰা৷
(২) অতীতৰ সফলতাৰ ওপৰত আত্ম–প্রতিফলন কৰা৷
(৩) কৃতিত্ব উদযাপনৰ সৃষ্টিশীল উপায় বিচৰা৷
ইয়াৰ উপৰি আশাবাদ, পুষ্টি, শাৰীৰিক সক্রিয়তা আৰু টোপনিও সুখৰ সন্ধানত গুৰুত্বপূর্ণ পূর্বচর্ত৷
আশাবাদ হৈছে এক ইতিবাচক আৱেগ৷ বেয়াতকৈ ভাল বেছি হ’ব বুলি বিশ্বাস কৰাটোৱেই আশাবাদ৷ আশাবাদী লোকসকল জীৱনৰ বাধা–বিঘিনি আৰু মানসিক চাপ অতিক্রম কৰাত অধিক স্থিতিস্থাপক৷
শাৰীৰিক সক্রিয়তাই ৰোগ দূৰ কৰাই নহয়, নেতিবাচক আৱেগ, হতাশা, উদ্বেগ আৰু নিঃসংগতাও হ্রাস কৰে, মনোযোগ আৰু দৃষ্টিভংগীত স্বচ্ছতা আনে৷
অপুষ্টিৰ ফলত মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগ, আনকি কেঞ্চাৰ আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়৷ শাক–পাচলি আৰু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ সুষম খাদ্য খোৱা আৰু প্রচেছড বা চেনিযুক্ত খাদ্য সীমিত কৰা সুস্থতাৰ বাবে প্রয়োজনীয়৷ অধিক ফল–মূল আৰু শাক–পাচলি উপকাৰী৷ খাদ্য আৰু মানসিক স্বাস্থ্যৰ মাজত সম্পর্ক প্রমাণ কৰা উল্লেখযোগ্য গৱেষণা আছে৷ উচ্চ মাত্রাৰ সংপৃক্ত চর্বি, পৰিশোধিত কার্ব–হাহড্রেট আৰু প্রচেছড খাদ্য দুর্বল মানসিক স্বাস্থ্যৰ সৈতে জড়িত৷
ভাল টোপনিয়ে আৱেগিক স্থিতিস্থাপকতা বৃদ্ধি কৰে৷ টোপনিৰ অভাৱত নেতিবাচক চিন্তা আহে আৰু আৱেগিক দুর্বলতা হয়৷ টোপনিৰ সমস্যাই মানসিক ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ বিশেষকৈ অনিদ্রাৰ ফলত হতাশা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ প্রতিনিশা একেৰাহে সাতৰ পৰা ন ঘণ্টা গুণগত টোপনি বাঞ্ছনীয়৷ জীৱনশৈলীৰ পৰিৱর্তন যেনে– কেফেহন, নিকোটিন, মদ্যপান পৰিহাৰ আৰু শাৰীৰিক কার্যকলাপ বৃদ্ধি কৰি লগতে ম’বাইল ফোনৰ ব্যৱহাৰ হ্রাস কৰিলে টোপনিৰ মান উন্নত হ’ব পাৰে৷
ইউডাইমনিয়া অথবা সৎচিতানন্দময় এটা অস্তিত্বপ্রাপ্তিয়েহ মানৱ জীৱনৰ একমাত্র অর্থ৷ ইয়াৰ বাবে আমি অনুশীলনী কৰিব লাগিব৷ আধুনিক মনোবৈজ্ঞানিক গৱেষণাহ আমাক প্রথমে এটা গুণগত জীৱনৰ অধিকাৰী হৈ ইউডাইমনিয়া অথবা সৎচিতানন্দময় সর্বশেষ অস্তিত্বৰ সন্ধানত আগবাঢ়িবলৈ কৌশল দিছে৷ ইন্দ্রিয় সুখানুভূতি ক্ষণিকৰ আনন্দ৷ ইউডাইমনিয়া অথবা সৎচিতানন্দময় অস্তিত্বহে পৰম৷ কিন্তু প্রথমে এটা গুণসম্পন্ন জীৱন প্রয়োজনীয়, যিটো গঢ়ি তোলা বহুতৰ বাবে সম্ভৱ৷ কেৱল প্রয়োজন কিছু ভাবি–গমি চোৱাৰ৷
নিউকাছল, ইংলেণ্ড