বিশেষ বাৰ্তা, ৯ আগষ্টঃ মণিপুৰৰ ঘটনাক লৈ লোকসভাত অনাস্থা প্রস্তাৱৰ বিতর্ক চলি থকাৰ সময়তে আজি কংগ্রেছৰ সমালোচনাত সৰব হৈ পৰিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত দলীয় কার্যসূচীত অংশগ্রহণৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাক লৈও আজি কটাক্ষ কৰে৷ শেহতীয়াকৈ ৰাহুল গান্ধীয়ে গুজৰাটৰ পৰা মেঘালয়লৈ পদযাত্রা কৰিব বুলি ঘোষণা কৰিছে৷ আজি মুখ্যমন্ত্রীয়ে এই প্রসংগতে কটাক্ষ কৰি কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পথ যোগাযোগৰ ক্ষেত্রত যথেষ্ট পৰিৱর্তন আনিছে৷ প্রতিখন ৰাজ্যক চুই যাব পৰাকৈ নির্মাণ হৈছে পথ৷ গতিকে এই পথত খোজকঢ়াত কোনো আপত্তি নাই৷ প্রতিজন ভাৰতীয়ই এই পথত খোজকাঢ়িব পাৰে৷ ভাৰত জোড়ো যাত্রাই কেৱল কিছু পথৰ ক্ষতি কৰিব পাৰে, আন কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে৷ ইফালে, বিৰোধী ঐক্যমঞ্চই গঠন কৰা ‘ইণ্ডিয়া’ক লৈও মুখ্যমন্ত্রীয়ে কয়– ‘ইণ্ডিয়া’ত ইমান ফুলষ্টপ থকাতকৈ সেই ইণ্ডিয়াকে ফুলষ্টপ কৰি দিব লাগে৷ ইণ্ডিয়াৰ ফুলষ্টপে কংগ্রেছকো ফুলষ্টপ কৰি দিব৷ আনহাতে, বিজেপিৰ কার্যকালত সংখ্যালঘুসকল বঞ্চিত হোৱা বুলি উঠা সমালোচনাক প্রত্যুত্তৰ দি মুখ্যমন্ত্রীয়ে কয়– বিজেপিৰ শাসনকালত সর্বাধিক হাৰত উপকৃত হৈছে মুছলমানসকল৷ প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰেই হওক বা চৰকাৰৰ আন আন আঁচনিসমূহেই হওক, মুছলমান লোকসকলে এই আঁচনিৰ পৰা অধিক লাভৱান হৈছে৷ চিকিৎসা বিজ্ঞানৰ নামভর্তিৰ ক্ষেত্রতো মুছলমান ছাত্র–ছাত্রীয়ে যথেষ্ট সুবিধা লাভ কৰিছে৷