🔹 দিল্লীৰ ৰাজ্যিক কেবিনেটত গুৰুত্বপূর্ণ সিদ্ধান্ত
বিশেষ বার্তা, ১০ আগষ্ট : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেট বৈঠকৰ অন্তত ৰাজ্য চৰকাৰৰ মুখপাত্র তথা জনস্বাস্থ্য কাৰিকৰী, পর্যটন, দক্ষতা বিকাশ বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এক সংবাদ মেলত কয় যে কেবিনেটে ৰাজ্যখনৰ আশাকর্মী আৰু আশা–ছুপাৰভাইজৰসকলৰ অৱসৰৰ বয়স ৬০ বছৰ নির্ধাৰণ কৰে৷ অৱসৰ গ্রহণৰ সময়ত আশাকর্মীসকলক চৰকাৰে দুই লাখ টকাকৈ এককালীন আর্থিক সাহায্য আৰু আশা ছুপাৰভাইজৰসকলক্ তিনি লাখ টকাকৈ এককালীন আর্থিক সাহায্য প্রদান কৰিব৷ অৱশ্যে এইক্ষেত্রত একেৰাহে ১০ বছৰ সেৱা আগবঢ়োৱা আশাকর্মী আৰু আশা ছুপাৰভাইজৰসকলহে সেই এককালীন আর্থিক সাহায্য লাভৰ বাবে যোগ্য বিবেচিত হ’ব৷ আনহাতে, একেৰাহে ১০ বছৰ সেৱা আগবঢ়োৱা অথচ অৱসৰৰ বয়স নোহোৱাসকলে মাজতে কাম এৰিব বিচাৰিলে তেওঁলোকে ৫০ শতাংশহে এককালীন আর্থিক সাহায্য লাভ কৰিব৷ ইপিনে, কেবিনেটে গুৱাহাটীৰ পৰা যোৰহাটলৈ নন উড়ান খণ্ডত বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সম্পর্কত মন্ত্রী বৰুৱাই কয় যে অসম চৰকাৰে ইতিমধ্যে গুৱাহাটীৰ পৰা ডিব্রুগড় আৰু গুৱাহাটীৰ পৰা শিলচৰৰ মাজত বিমান সেৱা চলাই আছে৷ কম খৰচত গুৱাহাটীৰ পৰা ডিব্রুগড় আৰু শিলচৰলৈ বিমান সেৱা চলোৱাৰ পিছত এইবাৰ চৰকাৰে গুৱাহাটী আৰু যোৰহাটৰ মাজতো অনুৰূপ সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়৷ চৰকাৰৰ এই প্রচেষ্টাই পর্যটন খণ্ডত যথেষ্ট প্রভাৱ পেলাব বুলি তেওঁ আশা প্রকাশ কৰে৷ ইফালে, কেবিনেটে ৰাজ্যৰ আইটিআইসমূহত ৫ জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ কৰাৰ ক্ষেত্রতো আন এক সিদ্ধান্ত গ্রহণ কৰে৷ মন্ত্রী বৰুৱাই এই সিদ্ধান্তৰ বিষয়ে প্রকাশ কৰি কয় যে ৰাজ্যৰ আইটিআইসমূহত চাহ জনগোষ্ঠী আৰু প্রাক্তন চাহ জনগোষ্ঠীৰ ছাত্র–ছাত্রীৰ বাবে ইতিমধ্যে আসন সংৰক্ষণৰ ব্যৱস্থা আছে৷ আইটিআইসমূহত প্রতিটো ট্রেডতে চাহ জনগোষ্ঠী আৰু প্রাক্তন চাহ জনগোষ্ঠীৰ বাবে দুখনকৈ আসন সংৰক্ষণ হৈ আছে৷ ৰাজ্যখনত ১৩১খন আইটিআইত ২৪ হাজাৰৰো অধিক আসন আছে৷ কেবিনেটে পাঁচ জনগোষ্ঠী ক্রমে টাই আহোমৰ বাবে ২.৫ শতাংশ, চুতীয়াৰ বাবে ২.২৫ শতাংশ, মৰাণৰ বাবে ২ শতাংশ, মটকৰ বাবে ২ শতাংশ আৰু কোচ ৰাজবংশীৰ বাবে ৩.২৫ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি টাই আহোম জনগোষ্ঠীৰ বাবে ১৬৪খন, চুতীয়াৰ বাবে ১৪৭খন, মৰাণৰ বাবে ১৩১খন, মটকৰ বাবে ১৩১খন আৰু কোচ ৰাজবংশীৰ বাবে ২১৩খন আসন সংৰক্ষণ হ’ব৷ অ’বিচি–এমঅ’বিচিৰ বাবে সংৰক্ষিত ২৭ শতাংশৰ পৰাই উক্ত জনগোষ্ঠীকেইটাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ আইটিআইৰ সংখ্যা বৃদ্ধিৰ লগে লগে সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি পাব৷ আনহাতে, কেবিনেটে অহা ১ নৱেম্বৰৰ পৰা অহা বছৰৰ ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া খেল মহাৰণৰ বাবেও পর্যাপ্ত পুঁজি আবণ্টন দিয়ে৷ পঞ্চায়ত, সমষ্টি, জিলা আৰু ৰাষ্ট্রীয় পর্যায়ত হ’বলগীয়া এই খেল মহাৰণৰ এথলেটিকছ, ফুটবল, ভলীবল, কাবাদী আৰু খো–খোত মুঠ পাঁচটা ইভেণ্টত খেল অনুষ্ঠিত হ’ব৷ ১৯ অনূর্ধ্ব পুৰুষ আৰু মহিলা, ১৯ ঊর্ধ্বৰ পুৰুষ আৰু মহিলা মুঠ চাৰিটা পর্যায়ত এই খেল মহাৰণৰ আয়োজন কৰিছে৷