নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহৎ গ্রন্থ–শাস্ত্রসমূহেই মানৱীয় জ্ঞানৰ ভঁৰালস্বৰূপ

🔹 বকোত পুথিভঁৰাল দিৱসত মৃণালিনী দেৱী

নিয়মীয়া বার্তা, ১০ আগষ্ট : কামৰূপ জিলা গ্রাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ড০ শিৱালী ৰামমৃত ৰংগনাথনৰ ১৩১সংখ্যক জন্মদিন উপলক্ষে কালি দিনজোৰা কার্যসূচীৰে বকোৰ বিষ্ণুপ্রসাদ ৰাভা প্রেক্ষাগৃহত পুথিভঁৰাল দিৱস উদযাপন কৰা হয়৷ পুথিভঁৰাল দিৱস উপলক্ষে পুৱা পুথিভঁৰাল সন্থাৰ পতাকা উত্তোলন কৰে কামৰূপ জিলা গ্রাম্য পুথিভঁৰাল সন্থাৰ সভাপতি অনুপম দাসে৷ গছপুলি ৰোপণ কৰে কামৰূপ জিলা পৰিষদৰ সদস্যা হিমাদ্রী পাঠকে৷ স্মৃতি তর্পণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য নগৰমল স্বর্গীয়াৰীয়ে৷ পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ড০ শিৱালী ৰামমৃত ৰংগনাথনৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে সংহত জনজাতীয় উন্নয়ন প্রকল্প, কামৰূপৰ অধ্যক্ষা লাৱণ্য বড়োৱে৷ কামৰূপ জিলা গ্রাম্য পুথিভঁৰাল সন্থাৰ সভাপতি অনুপম দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ দিয়ে বকো সমষ্টিৰ প্রাক্তন বিধায়ক জ্যোতিপ্রসাদ দাসে৷ মুকলি সভা উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী পাৰিষদ সুমিত ৰাভাই৷ মুকলি সভাত নির্দিষ্ট বক্তাৰ ভাষণত অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভানেত্রী তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম শাখাৰ সভাপতি, আদর্শ মাতৃ বঁটাৰে বিভূষিত মৃণালিনী দেৱীয়ে পুথিভঁৰালৰ প্রয়োজন সম্পর্কে আলোকপাত কৰে৷ তেওঁ কয় যে গ্রন্থহীন সমাজ এটি অচল টকাৰ নিচিনা৷ একো নোহোৱাৰ নামান্তৰ মাথোঁ৷ দেশ–সমাজ অথবা এটি জাতিৰ অগ্রগতি কিম্বা সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্রত গ্রন্থই হৈছে এক সুকীয়া মাধ্যমস্বৰূপ৷ পৃথিৱীৰ মহৎ গ্রন্থ অথবা শাস্ত্রসমূহেই হৈছে মানৱীয় জ্ঞানৰ ভঁৰাল তথা প্রতীকস্বৰূপ, য’ত যুগে যুগে মানৱ সমাজে আহৰণ কৰা জ্ঞানৰ অমৃত সযতনে সাঁচি ৰখা হয়৷ ভাষণত তেওঁ বর্তমান ডিজিটেল যুগত গ্রন্থ বা পুথিভঁৰালৰ প্রাসংগিকতা আছে বুলি মন্তব্য কৰে৷ সভাত অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য ৰমেন ভৰালী, ড০ গণেশ্বৰ চহৰীয়া উপস্থিত থাকে৷ সভাৰ আঁত ধৰে বিষ্ণু দাসে৷

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like