নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত ভাৰতী ফাউণ্ডেচনৰ এডুকেচন ৰ’কষ্টাৰ এচিভাৰ এৱাৰ্ড প্ৰদান

বিশেষ বাৰ্তা,  ১০ আগষ্ট : ভাৰতী ফাউণ্ডেচনৰ সত্য ভাৰতী কোৱালিটী ছাপৰ্ট কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে  আৰম্ভণি কৰা হয় । সমগ্ৰ শিক্ষা বিশ্বনাথ শিক্ষাখণ্ড কাৰ্যালয়ত ১৬খন মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চি আৰ চি চিসকলৰ লগতে বিশ্বনাথ শিক্ষা খণ্ড বিষয়ববীয়াসকলৰ উপস্থিতিত ভাৰতী ফাউণ্ডেচনৰ সমন্বয়ক দিবেন্দু দেৱ ৰয়ে ভাৰতী ফাউণ্ডেচনৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ৰূপায়িত কাৰ্যসূচীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। তদুপৰি এই প্ৰকল্পৰ জৰিয়তে বিশ্বনাথ জিলাৰ ১৬ মহাবিদ্যালয়ৰ লগতে আগন্তুক পাঁচ বছৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগত জড়িত হৈ কেনেদৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সফল দিশে গতি কৰি এক উন্নত মানৰ বিদ্যালয় গঢ়ি তুলিবলৈ লোৱা প্ৰচেষ্টাৰ পৰিকল্পনাৰ আভাস দিয়ে। উল্লেখ্য যে বিগত পাঁচটা বৰ্ষতো ভাৰতী ফাউণ্ডেচনৰ দ্বাৰা এই  সহযোগিতা আঁ‌চনিৰ অধীনত ১৫খন প্ৰাথমিক বিদ্যালয়ত সহযোগিতা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত ২০২২-২৩ বৰ্ষত অনুষ্ঠিত হোৱা এডুকেচন ৰ’কষ্টাৰ এচিভাৰ এৱাৰ্ড প্ৰতিযোগিতাত বিজয়ীসকলক সমগ্ৰ শিক্ষাৰ বিশ্বনাথ খণ্ড বিষয়া আৰু অৱসৰপ্ৰাপ্ত বিষয়া কৰুণা কান্ত ভট্টৰ দ্বাৰা পুৰস্কাৰ প্ৰদান কৰা হয়। একেখন মঞ্চতে আজি ভাৰতী ফাউণ্ডেচনৰ হৈ  বিশ্বনাথ শিক্ষা খণ্ড বিষয়া কৰুণা কান্ত ভট্টক অৱসৰী সম্বৰ্ধনাৰূপে ফুলাম গামোচা আৰু শৰাই আগবঢ়োৱা হয়।

প্ৰেৰক জয়ন্ত বৰা

You might also like