নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল জীৱন সন্দৰ্ভত নগৰবেৰাত সজাগতামূলক বাটৰ নাট

নিয়মীয়া বাৰ্তা,  ১০ আগষ্ট : আজি নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ জল জীৱন আঁচনি সন্দৰ্ভত ৰাইজক সজাগ কৰিবলৈ এলানি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে | দিনৰ প্ৰায় ১১ বজাত নগৰবেৰা বজাৰ কমিটীৰ কাৰ্যালয়ৰ সন্মুখভাগৰ পথত আৰু পাছলৈ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখ ভাগকে ধৰি একাধিক স্থানত এই সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয় | বাটৰ নাট চাবলৈ ভালেসংখ্যক দৰ্শকৰ সমাগম ঘটে। আনহাতে শিক্ষক-শিক্ষাৰ্থী সকলো এই কাৰ্যসূচীত উপস্থিত থাকে | পানীৰ মিতব্যয়িতা আৰু বিশুদ্ধ পানী সেৱনৰ ওপৰত এই বাটৰ নাটত গুৰুত্ব আৰোপ কৰা হয় | আঁচনিখনৰ বিষয়ে অভিনয়ৰ যোগেদি ৰাইজক সুন্দৰকৈ বুজাই দিয়ে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে | আজিৰ এই বাটৰ নাটক কেন্দ্ৰ কৰি উছৱমুখৰ হৈ পৰে নগৰবেৰাৰ সামগ্ৰিক পৰিৱেশ |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস 

You might also like