নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত তিনি বছৰীয়া শিশুৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : ঢকুৱাখনাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। খেলি থকা সময়তে পানীত পৰি মৃত্যু হয় এটি শিশুৰ। মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ পানীত পৰি অকাল মৃত্যু ঘটে তিনি বছৰীয়া শিশুটিৰ। ঢকুৱাখনাৰ ঘাঁহিবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। মৃত শিশুটি ঢকুৱাখনাৰ বাগিচা গাঁৱৰ বিপুল সন্দিকৈৰ পুত্ৰ বিভান সন্দিকৈ বুলি জানিব পৰা গৈছে।ঘাঁহিবাৰী গাঁৱৰ মোমায়েকৰ ঘৰত মাতৃৰ লগত ফুৰিবলৈ যোৱা শিশুটি আজি দুপৰীয়া খেলি থকা অৱস্থাত ওচৰৰে এটা জানত পৰি শিশুটিৰ সলিল সমাধি ঘটে। পৰিয়ালৰ লোকে শিশুটিক ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। পৰৱৰ্তী সময়ত স্থানীয় ঢকুৱাখনা আৰক্ষী থানাত ঘটনাটো অৱগত কৰাৰ পিছত আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like