নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ধুবুৰীৰ ষ্টেট বেংক (এছবিআই)ৰ মূল শাখাৰ এজন গ্ৰাহকৰ ৫০ হাজাৰ টকাৰ বেগ এটা থাপ মাৰি পলাই যোৱাৰ সময়ত চিলনী চোৰৰ এটি দলৰ এজনক খেদি খেদি কৰায়ত্ত কৰে আৰক্ষীৰ ৰাইডাৰৰ এটি দলে। আজি দুপৰীয়া ধুবুৰী চহৰৰ ব্যস্ততম ৰাজপথৰ কাষতে থকা সেই বেংকটোত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত ভুক্তভোগী ধুবুৰীৰ কাজল মহন্তই সদৰি কৰানুসৰি আজি ধুবুৰীৰ এচবিআইৰ মূল শাখাৰ পৰা ৫০ হাজাৰ টকাৰ ঋণ লৈছিল তেওঁ। টকাখিনি থকা বেগটো নিজৰ কাষতে থৈ ভাতৃৰ সৈতে কথা পাতি আছিল। তেতিয়া অকষ্মাতে এজন লোকে বেগটো লৈ দৌৰি পলাই যোৱা দেখে তেওঁ। তেওঁক চিঞৰ বাখৰ শুনি বেংকৰ বাহিৰত থকা আৰক্ষীৰ ৰাইডাৰৰ গ্ৰুপৰ এটা দলে খেদি খেদি চিলনী চোৰটোক বেগসহ আটক কৰে যদিও ইতিমধ্যে বেগটোৰ ভিতৰত থকা টকাখিনিৰ অন্তৰ্ধান ঘটে। জানিব পৰা মতে ধৃত চিলনী চোৰটোৰ ঘৰ উত্তৰ প্ৰদেশত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী