নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেতি-বাতি আনক এৰি দি দাম বৃদ্ধিৰ বিৰুদ্ধে সমালোচনা কৰিলেই নহ’ব

বিশেষ বাৰ্তা, ১০ আগষ্টঃ নিত্য ব্যৱহার্য সামগ্রীকে ধৰি বিভিন্ন বয়বস্তুৰ অস্বাভাৱিক দামবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে ৰাজ্যৰ যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাসে খেতিবাতি আনক এৰি দি মূল্যবৃদ্ধিৰ ওপৰত আলোচনা–বিলোচনা কৰিলেই সমস্যা সমাধান নহয় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ মন্ত্রী দাসে কয় যে মূল্যবৃদ্ধিৰ দৰে সমস্যাৰ পৰা কিছু সকাহ পাবলৈ হ’লে কর্মসংস্কযতি ওভতাই আনিব লাগিব৷ বানপানীৰ সময়ত পাচলি নোহোৱা হৈ গ’ল৷ ফলত অস্বাভাৱিক ধৰণে পাচলিৰ দাম বৃদ্ধি হয়৷ সেয়ে আমি প্রত্যেকে নিজে ঘৰত এপদ দুপদকৈ খেতি কৰিব লাগিব৷ বগপতৰে ঘৰত জলকীয়া গছ এজোপাও নাই৷ তাৰবাবে সকলো সজাহ হ’ব লাগিব৷ অকল টিভিত ভাষণ দি লাভ নাই৷ তাৰ পৰিৱর্তে প্রত্যেকে পথাৰলৈ যাব লাগিব৷ কর্মসংস্কযতি পাহৰি খেতিবাতি আনক কৰিবলৈ এৰি দি মূল্যবৃদ্ধিৰ ওপৰত আলোচনা–বিলোচনা কৰিলে নহ’ব৷ ছন পৰি ৰোৱা মাটিখিনিত খেতি কৰি আনৰ পৰা বজাৰখন কাঢ়ি আনিব পাৰিব লাগিব৷ জনসাধাৰণে এই কথাবোৰ ভালদৰে বিশ্লেষণ কৰাৰ প্রয়োজন আছে৷ মন্ত্রী দাসে কয় যে বর্তমান বজাৰত প্রতি কিলোগ্রাম জলকীয়াৰ দাম ৩০০–৪০০ টকা৷ কিন্তু প্রত্যেকে যদি নিজৰ ঘৰতে এডাল বা দুডাল জলকীয়া ৰোপণ কৰে জলকীয়াৰ মূল্যবৃদ্ধিৰ পৰা সকাহ পাব পাৰে৷ এই প্রসংগতে তেওঁ বজালী অঞ্চলৰ উদাহৰণ দাঙি ধৰি কয় যে বজালী অঞ্চলত অধ্যাপক, শিক্ষক, ইঞ্জিনীয়াৰেও পথাৰখন এৰি দিয়া নাই৷ কিন্তু আনবোৰ ঠাইত সেয়া দেখা নাযায়৷ ইফালে কালি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্রমা বিভাগক নতুনকৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিকরমা বিভাগ হিচাপে নামকৰণ কৰে৷

You might also like