🔹 গোচৰ মীমাংসাৰ নামত দুর্নীতিগ্রস্ত চক্রৰ উৎকোচ সংগ্রহ
নিয়মীয়া বার্তা, ১১ আগষ্ট : দুর্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানত ইজনৰ পাছত সিজন জালত পৰাৰ পাছতো জেপ গধুৰ কৰিবলৈ এৰা নাই একাংশ বিষয়া–কর্মচাৰীয়ে৷ প্রতিদিনে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযানকাৰী দলৰ হাতত ধৰা পৰিছে দুর্নীতিগ্রস্ত৷ যোৱানিশা নির্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলিল মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাত৷ এই অভিযানকালতে গোচৰ মীমাংসাৰ নামত ২০ হাজাৰ টকা উৎকোচ লৈ অসম আৰক্ষীৰ এজন উপ–পৰিদর্শকসহ ৩জন অভিযানকাৰী দলৰ জালত পৰে৷ ধৃত ঘোচখোৰ ৩জন হ’ল আৰক্ষী উপ–পৰিদর্শক মুকুন্দ উপাধ্যায়, কনিষ্টবল মিজানুৰ ৰহমান আৰু কম্পিউটাৰ সহায়ক হীৰকজ্যোতি ডেকা৷ জানিব পৰা মতে, এটা বিশেষ গোচৰ মীমাংসাৰ নামত উপ–পৰিদর্শক মুকুন্দ উপাধ্যায়ে এটা পক্ষৰ পৰা উৎকোচ দাবী কৰিছিল৷ এই সন্দর্ভত অভিযোগকাৰীয়ে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ক অৱগত কৰে৷ তাৰ ভিত্তিতে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে তাৎক্ষণিকভাৱে লাহৰীঘাট থানাত অভিযান চলোৱাৰ সময়তে হাতে-লোটে গ্রেপ্তাৰ কৰে তিনিওজনক৷ উল্লেখ্য যে বিগত সময়ছোৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্রহণ কৰি ঘোচখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ কালিৰ দিনটোতো দুজনকৈ চৰকাৰী কর্মচাৰী হাতে-লোটে ধৰা পৰাৰ পাছত পুনৰ লাহৰীঘাটত আৰক্ষী বিষয়াসহ ৩জন উৎকোচলোভী চৰকাৰী বেতনভোগী হাতে-লোটে গ্রেপ্তাৰ হোৱা বিষয়টোৱে সর্বত্র চর্চা লাভ কৰিছে৷
প্ৰেৰক আবুল কালাম