🔹 লখিমপুৰ লোকনির্মাণ বিভাগৰ কর্মকাণ্ডত স্তম্ভিত তেলাহীবাসী
🔹 এপ্র’ছ অবিহনে নির্মাণ ঠিকাদাৰ বাবুল গগৈৰ
পানীগাঁও, ১১ আগষ্ট : লখিমপুৰ জিলা লোকনির্মাণ বিভাগৰ দ্বাৰা নির্মাণ কৰা এখন দলঙে স্তম্ভিত কৰিছে অঞ্চলবাসীক৷ আগগুৰি নথকা পথৰ ওপৰত জনশূন্য অঞ্চলত দলং নির্মাণ কৰি কোটি কোটি টকা অপচয় কৰিছে বিভাগটোৱে৷ ন আলি লোকনির্মাণ বিভাগৰ তেলাহী আদর্শ মেডিকেল তিনিআলিৰ পৰা দোলপতা সংযোগী গটঙাজানৰ ওপৰত ১.২৬ কোটি টকাৰ কনভেচন অৱ ১০০০ এন আৰ এছ টি পি ব্রিজ টু আৰ চি চি ব্রিজ আঁচনিৰে নির্মাণ কৰা দলংখনে জলাকলা খুৱাইছে খেতিয়কসকলক ৷ কোনো আগগুৰি নথকা জনশূন্য অঞ্চলটোত দলংখন নির্মাণ কৰি বিভাগটোৱে কেৱল ঠিকাদাৰৰ মুনাফাৰ আদায় বাবেহে আঁচনিখন গ্রহণ কৰিছে বুলি চর্চা লাভ কৰিছে৷ অতি পৰিতাপৰ কথা, ব্যস্ত জনবসতিপূর্ণ ন–আলি কন্দলি সংযোগী দৈনিক কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে আহ–যাহ কৰা অতি প্রয়োজনীয় পথটোৰ ওপৰত দলং নির্মাণৰ বাবে বছৰ বছৰ ধৰি দাবী কৰাৰ পিছতো অতি প্রয়োজনীয় দলংখন নির্মাণ নকৰি জনশূন্য অঞ্চলত বিভাগটোৱে কিয় দলং নির্মাণ কৰিলে, সেয়া অঞ্চলবাসীৰ বাবে কোটিটকীয়া প্রশ্ণ ৷ প্রায় কোটি টকা ঠিকাদাৰে লাভ কৰাৰ পিছতো বিভাগটোৰ বৰমূৰীয়াসকলৰ অকর্মণ্যতা আৰু ঠিকাদাৰ বাবুল গগৈৰ মইমতালিৰ বাবে দলংখনৰ নির্মাণ আসোঁৱাহপূর্ণ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ আনহাতে, দলংখনৰ মূৰকেইটা বছৰ বছৰ ধৰি সঠিকভাৱে নির্মাণ কৰি নিদিয়াত খেতিপথাৰলৈ যোৱা খেতিয়কে যাতনা ভোগ কৰিব লগা হৈছে৷ সেই সম্পর্কে বিভাগটোৰ বৰমূৰীয়াসকলৰ লগতে ঠিকাদাৰগৰাকীক কেইবাবাৰো অৱগত কৰাৰ পিছতো কোনো ভূমিকা গ্রহণ কৰা পৰিলক্ষিত নহ’ল ৷ সেয়ে অতি সোনকালে দলংখনৰ মূৰ দুটা মেৰামতি কৰি দিবলৈ জিলা আয়ুক্তগৰাকীক দাবী জনায় ৷