নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : চৰকাৰৰ আঁচনিবোৰ অভিলাষী যদিও বিভাগীয় একাংশ ঠিকাদাৰৰ কামহে সৰ্বনাশী। বিশুদ্ধ খোৱাপানীটুপি ৰাইজক দিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে হাতত লৈছিল জল জীৱন আঁচনি, লক্ষ্য আছিল ঘৰে ঘৰে নল হ’ব, ঘৰে ঘৰে ৰাইজে পাব বিশুদ্ধ খোৱাপানীটুপি ! পিছে একাংশ ঠিকাদাৰৰ পালমৰা কামৰ বাবেই লাখ লাখ টকা ব্যয় কৰি হাতত লোৱা আঁচনি সমূলি বিফল হোৱাৰ পথত, য’তে-ত’তে পৰি ৰ’ল পানী যোগানৰ বাবে দিয়া প্লাষ্টিকৰ পাইপ। মাহৰ পাছত মাহ বাগৰিল, ৰাজপথৰ কাষে কাষে খান্দি খান্দি পাইপবোৰ বহুৱাই থোৱাহে হ’ল, পানীৰ ‘প’টোও নেদেখিলে ৰাইজে | পানীৰ টেপবোৰ আবৰিছে হাবি-জংঘলে | বিভাগটোৰ কামৰূপৰ বকো উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰা আৰু প্ৰতিবেশী গোৱালপাৰা জিলাৰ শিমলীতোলা, নৱাগত শিমলীতোলা আদি অঞ্চলত পানী যোগানৰ নামত সমূলি ভেল্কীবাজি আৰম্ভ হোৱাত ৰাইজৰ চকু কপালত উঠিছে | শিমলীতোলা কামাৰপোতা হেপ্চাপাৰাত জল জীৱন আঁচনিৰ অধীনত আজিৰে পৰা প্ৰায় পাঁচ মাহ পূৰ্বে বিভাগীয় ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিলে যদিও পাঁচ মাহতেই ভাঙি-ছিগি গ’ল পানী যোগানৰ টেপবোৰ, পথৰ আৱৰ্জনা হৈ পৰি ৰ’ল দৃষ্টিকটুভাৱে | প্ৰায় বছৰ দিনৰ পূৰ্বে পকী ৰাজপথৰ দুয়োকাষে জেচিবি লগাই খাল খান্দি পাইপবোৰ বহুওৱা হৈছিল, পদূলিয়ে পদূলিয়ে দিয়া হৈছিল পানীৰ টেপবোৰ। ৰাইজে ভাবিছিল- অন্ততঃ বিশুদ্ধ খোৱাপানীটুপিৰ সংকট আঁতৰ হ’ব। পিছে মাহৰ পাছত মাহ বাগৰিল যদিও টেপবোৰেদি পানী নোলাল, বিষয়াসকলক ফোন কৰিলে দুদিনমান ধৈৰ্য্য ধৰাৰ কথাহে কয় | লাখ লাখ টকা ব্যয় কৰি আঁচনিসমূহ যুগুতোৱা হৈছিল যদিও দিন-মাহ বাগৰিছে যদিও আজিকোপতি খোৱাপানীটুপি নোলোৱাত জল জীৱন আঁচনি ৰাইজৰ দৃষ্টিত ভালুকৰ সাঙী যেনহে হৈ পৰা বুলিও অভিযোগ কৰে | শিমলীতোলা কামাৰপোতা হেপচাপাৰাত পানীৰ টেপবোৰ ভাঙি চূৰ্চুমৈ হ’ল। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অধীনস্থ নগৰবেৰাৰ মালঞ্চা-শগুনবাহীকে আদি কৰি কেইবাখনো আঁচনিত কালৰ সোঁতত তিতালাউ গজাৰ উপক্ৰম ঘটিছে | ঠিকাদাৰৰ পালমৰা, দায়সৰা আৰু একমাত্ৰ ধন ঘটাৰ ফন্দি প্ৰকট হৈ পৰিছে বহু গ্ৰামাঞ্চলৰ পানী যোগান আঁচনিত | ৰাইজে সময়ত খোৱাপানীটুপি নাপালে, অতদিনে ৰাইজে বিশুদ্ধ খোৱাপানীটুপিৰ সলনি পদূলিয়ে পদূলিয়ে পালে ভাঙি-ছিগি চূৰ্চুমৈ হোৱা পানীৰ টেপৰ অৱশেষ-আৱৰ্জনাবোৰ |ইফালে, একাংশ বেচৰকাৰী সংস্থা আনকি শিক্ষানুষ্ঠানে জল জীৱন আঁচনি সন্দৰ্ভত আৰু খোৱাপানীটুপিৰ সদব্যৱহাৰক লৈ বাটৰ নাটকে আদি কৰি বিভিন্ন সজাগতা অভিযান অব্যাহত ৰাখিছে যদিও বাস্তৱ ক্ষেত্ৰত জল জীৱন আঁচনি বহু গ্ৰামাঞ্চলত আৰম্ভ নৌহওঁতেই জঁকাটোহে ওলাই পৰা বুলিও বহুতেই কোৱাকুই কৰিছে | তেনেস্থলত প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ “ঘৰে ঘৰে নল ঘৰে ঘৰে পানী” যোগানৰ অভিলাষী আঁচনি আজি বগাহাতীত পৰিণত হোৱাৰ পথত | ৰাইজৰ মনত উদ্ৰেক ঘটা কেতবোৰ স্বাভাৱিক প্ৰশ্ন- উপ-সংমণ্ডলীয় পৰ্যায়ত অভিযন্তা, কনিষ্ঠ অভিযন্তা থকাৰ পাছতো কি সাহসত ঠিকাদাৰে মইমতালিৰে পালমৰা কাম কৰিবলৈ সুবিধা পায় ?
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস