নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৩৬ ঘন্টাৰ পুৰ্বেই বিপদ সীমা অতিক্ৰম কৰা খৰস্ৰোতা দিখৌ নদীৰ পানী অবিৰত ভাৱে বৃদ্ধি পাই থকাৰ ফলত নদী খনৰ দুয়োপাৰে বাস কৰা হাজাৰ হাজাৰ পৰিয়াললৈ নামি আহিছে ভয়ংকৰ দূৰ্য্যোগ ৷ যোৱা কালিৰ দিনটোতেই প্ৰায় ত্ৰিশ খনতকৈও অধিক গাও পানীৰ তলত বুৰ যোৱাৰ পিছত আজিৰ দিনৰ দিখৌ নদীৰ বলীয়া বানত নতুনকৈ বিশ খনতকৈও অধিক গাও প্লাবিত হোৱাৰ বাতৰি পোৱা গৈছে ৷ ইফালে নগালেণ্ডত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবেই আজিৰ দিনটোত শিৱসাগৰ জিলাখনত বান পৰিস্থিতি ভয়ংকৰ ৰূপত জটিল হৈ পৰিছে ৷প্ৰতি ঘন্টাত বিপদ সীমাৰ দেৰ মিটাৰ ওপৰত দুইৰ পৰা তিনি চেন্টিমিটাৰকৈ পানী বৃদ্ধি পোৱাৰ ফলত ইখনৰ পিছত সিখন গাওঁ নতুনকৈ প্লাবিত হব ধৰিছে ৷শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ পৰিচালনাত জিলা ৰাজহ চক্ৰ বিষয়া সমজ্জুল বৰাৰ নেতৃত্বত ৬ টাকৈ এচ ডি আৰ এফৰ দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযানত নামি পৰিছে ৷শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনত তথা পৌৰ সভাৰ অন্তৰ্গত চলেগাও, বঙালী পট্টী, ঔটেঙা বাৰী, সেউজ নগৰ, আমোলাপট্টী, থানামুখ স্মশান ঘাট, চুকৰ গাও, দৰবাৰ ফিল্ড গাও, অৰ্জুন গুৰি, মৰনৈকিনাৰ, কমাৰফদীয়া, বালি ফিল্ড, শালমৰীয়া, কোঁৱৰপুৰ মৌজাৰ বৃহত অংশ, বলীয়া ঘাট, বাঘৰ চুক, শ্ৰীপুৰীয়া ঘাট, বৃহত্তৰ দিখৌ মুখৰ লগতে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত নগৰৰ সমীপৰ আমগুৰি ঘাট, হাতীখোক, মৌপিয়া গাও, লাহিঙীয়া, দিহিং থান পথ, বিৰিঙানি চুক, মাজগাও, ভকত গাও, লাই মেকুৰী, কুৰুলাকটীয়া, কূশল নগৰ সিংহ দুৱাৰ আদিকে ধৰি বৃহত অঞ্চলৰ ৰাইজৰ ঘৰ দুৱাৰ সম্পুৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে ৷আনহাতে দিখৌ নদীৰ বিগত ত্ৰিশ বছৰৰ ইতিহাসত অভিলেশ সংখ্যক বিপদ সীমাৰ ওপৰত বৃদ্ধি পোৱা নদী খনৰ পানী জিলাখনৰ প্ৰায় কুৰিটা স্থানত মঠাউৰিৰ ওপৰেৰে বাগৰিবলৈ ধৰাত ৰাইজ আতংকৃত হৈ পৰিছে ৷বিশেষকৈ ভাটী বনগাও অঞ্চলত কেইবা সহস্ৰাধিক পৰিয়াললৈ কাল অমানিশা নমাই অনা এইবাৰৰ দিখৌ নদীৰ বাঢ়নী পানীয়ে আজি পুৱা প্ৰায় ১০ বজাৰ পৰা কুৰুলা কটীয়া, মাজগাও,কূশল নগৰ, ভকত গাও, চুকৰ গাও,পকাঘাট আদিকে ধৰি ভিন্ন প্ৰান্তৰ প্ৰায় তিনি কিলোমিটাৰ দৈঘ্য মঠাউৰিৰ ওপৰেদি পানী বাগৰিবলৈ ধৰাত ঐতিহাসিক জয়সাগৰ, মেটেকা বৰ আলি, সুন্দৰপুৰ, শ’লগুৰি মৌজালৈ নামি আহিছে ভয়ংকৰ বিপদ ৷সম্ভাৱ্য দুৰ্য্যোগ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে পানী বাগৰা স্থানত বস্তাৰ দেৱাল সৃষ্টি কৰাৰ বাবে তৎপৰতা চলাইছে যদিও বিশেষ সফল হব পৰা নাই ৷শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, চক্ৰ বিষয়া সমজ্জুল বৰাৰ নেতৃত্বত দুৰ্য্যোগ প্ৰশমণ বিভাগ,আৰু ৰাজহ চক্ৰ বিভাগৰ এটা দলে প্ৰতিটো পানী বাগৰা আৰু প্লাবিত অঞ্চল পৰিভ্ৰমণ কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ৷আনহাতে নগালেণ্ডৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ বাবেই পানী অধিক বৃদ্ধি পোৱাৰ আশংকা কৰি প্ৰশাসনৰ তৰফৰ নদীকাষৰীয়া ৰাইজক সুৰক্ষিত ওখ স্থান অথবা চৰকাৰী আশ্ৰয় শিবিৰত তাৎক্ষনিক ভাৱে আশ্ৰয় গ্ৰহণ কৰিবলৈ আহব্বান জনাইছে ৷এচ ডি আৰ এফৰ পাঁচটা দলে সদৰ ৰাজহ চক্ৰৰ আন স্থানত উদ্ধাৰ অভিযানত নিয়োজিত হোৱাৰ বিপৰীতে এটা উদ্ধাৰকাৰী দলক চহৰ অঞ্চলত নিয়োগ কৰা হৈছে ৷জিলা প্ৰশাসনৰ এক শীৰ্ষ সুত্ৰই পৰিস্থিতি অধিক জটিল হোৱাৰ দিশে গতি কৰা বুলি ব্যক্ত কৰাৰ লগতে আক্ৰান্ত গাৱৰ সংখ্যা নিশাৰ ভাগলৈ অধিক বৃদ্ধি পোৱাৰ আশংকা কৰিছে ৷জিলা প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে শিৱসাগৰ চহৰৰ ফুকন নগৰ এল পি স্কুল,থানা মুখ এল পি স্কুল, শিৱসাগৰ হাইস্কুলৰ লগতে ৪ টা স্থানত শিবিৰ স্থাপন কৰাৰ লগতে ভাটী বনগাওঁ অঞ্চলতো শিবিৰ স্থাপন কৰিছে ৷অন্যহাতেদি বিগত বিশ টা দিনৰ ভিতৰত দ্বিতীয় বাৰৰ বাবে অহা এই প্ৰলয়ংকাৰী বানত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে ৷আক্ৰান্ত হাজাৰ হাজাৰ পৰিয়ালে মঠাউৰিৰ ওপৰত শিবিৰ পাতি বিনিদ্ৰ ৰজনী পাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷বন্যাতৰ মাজত সৰ্বাধিক বিশুদ্ধ পানী, শিশুৰ খাদ্য, কেৰাচিনৰ লগতে খাদ্য সামগ্ৰী অভাৱ পৰিলক্ষিত হৈছে ৷স্থানীয় বিধায়ক অখিল গগৈৰ নেতৃত্বত এটা বৃহত গলে বন্যাত্বৰ অৱস্থাৰ বুজ লোৱাৰ লগতে ঠায়ে ঠায়ে লঘু আহাৰ বিতৰণ কৰিছে ৷ইয়াৰ বিপৰীতে কোনো বন্যাতই বাতৰি লিখা পৰলৈকে চৰকাৰী সাহায্য লাভ কৰা নাই যদিও কাইলৈৰ পৰাহে চৰকাৰী সাহাৰ্য্য বিতৰণ কৰিব বুলি এক সুত্ৰই জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান