নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণৰ শোভিত কুমাৰ ছেত্ৰীলৈ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা 

বিশেষ বাৰ্তা, ১১ আগষ্টঃ ১৯৩ খন স্মৃতিগ্ৰন্থ সম্পাদনা আৰু বিগত চাৰিটা দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডিব্ৰুগড় প্ৰেছ ক্লাৱে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক প্ৰদান কৰিলে এই বৰ্ষৰ প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা। ডিব্ৰুগড়ৰ মিলন নগৰস্থিত মিলনজ্যোতি সংঘ প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বাদশ বাৰ্ষিক প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি চতুৰ্থ বাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা আজি মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰয়াত নীলিম চৌধুৰীৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সম্পৰ্কত জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে বক্তব্য প্ৰদান কৰাৰ পিছতে বঁটাপ্ৰাপক শোভিত কুমাৰ ছেত্ৰীৰ জীৱন কৰ্মৰাজী দাঙি ধৰে ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উপ-সভাপতি মানসজ্যোতি দত্তই। ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক অনিল কুমাৰ পোদ্দাৰে উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী লোহিত ডেকা, প্ৰয়াত নীলিম চৌধুৰীৰ সহধৰ্মিনী ড০ সুবাসনা মহন্ত চৌধুৰী, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিত বৰা, মিলনজ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকা আদিয়ে প্ৰয়াত সাংবাদিকজনৰ সৈতে লাভ কৰা সান্নিধ্যৰ কথা স্মৰণ কৰে। ইফালে সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে নিজৰ ভাষণত কয় যে, জীৱনত সাংবাদিক হম বুলি কেতিয়াও ভবা নাছিলোঁ। সাহিত্য প্ৰীতিয়ে এই ক্ষেত্ৰখনলৈ টানি আনিলে। ভাষা-সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ আছে। এজন সফল সাংবাদিক হ’বলৈ সকলো ধৰণৰ জ্ঞান থাকিব লাগে। একেটা বক্তব্যত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰে হোৱা সান্নিধ্যৰ কথা স্মৰণ কৰি কয়, ১৯৮৯ চনত নীলিম চৌধুৰীৰ সান্নিধ্য লাভ কৰিছিলোঁ। সেইদিনাৰে নীলিম দাৰ সৈতে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। এজন সঁচা প্ৰচাৰবিমূখ মনৰ ব্যক্তি হিচাপে পাইছিলোঁ নীলিম চৌধুৰীদেৱক। কথাই-কামে আচাৰ-আচৰণে মুগ্ধ কৰিছিল। সততাৰে সাংবাদিকতা কৰা দেখিছিলো নীলিম চৌধুৰীক। তেওঁৰ পৰা শিকিবলগীয়া বহুত আছিল। মনে প্ৰাণে সামাজিক মনৰ ব্যক্তি আছিল। জাতীয় চেতনাৰে সংপৃক্ত মনৰ ব্যক্তি আছিল নীলিম চৌধুৰী। আনহাতে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক প্ৰদান কৰা মানপত্ৰ পাঠ কৰে জ্যেষ্ঠ সাংবাদিক দেৱজিত চুতীয়াই। উল্লেখযোগ্য যে, শোভিত কুমাৰ ছেত্ৰীক প্ৰদান কৰা এই বঁটাত আছে গামোচা, চেলেং চাদৰ, ফুলৰ থুৰা, গছপুলি, স্মাৰক, জাপি, মানপত্ৰ আৰু এখন ২০ হাজাৰ টকাৰ চেক। আজিৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক লক্ষীকান্ত মজিন্দাৰ বৰুৱা, ললিত শৰ্মা, সৌৰভ দুৱৰা, সঞ্জীৱ নন্দী, চন্দন ফুকন, যাদৱ গগৈ, অজয় দত্ত, স্বপ্নশ্ৰী গোস্বামী, পৰেশ আইণ্ড, সঞ্জীৱ বিশ্বাস, জেছিম আহমেদ, মনোজ পাণ্ডে, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই, মুক্তামণি হাজৰিকা, জাভেদ হুছেইন, জ্যোতি খাখলীয়া, ইফটিকাৰ হুছেইন, সুজয় ভৌমিক, গৌৰৱ ফুকন, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, বাঙালী যুৱ-ছাত্র ফেডাৰেছনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নিৰ্মল কান্তী শীল, টাই আহোম যুৱ পৰিষদৰ জিলা সম্পাদক দীপাংকৰ দুৱৰা, ইৰাব-কিৰাবৰ নকুল খাউণ্ড, নীলিম চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী মালবিকা চৌধুৰী দত্ত, ভগ্নী লিপিকা বৰুৱা, মধুমিতা চৌধুৰী বৰ্মণ, ভনী জোৱাই হেমন্ত বৰ্মণ, ভাগিন দেৱাশ্ৰী বৰুৱা, আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি তথা দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like