নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আচঁনি “বেটি বচাও বেটি পঢ়াও আৰু বাল্য বিবাহ বন্ধ কৰাৰ লগতে কন্যা শিশুৰ শিক্ষাৰ গুৰুত্ব প্ৰদান কৰোৱাৰ উদ্দেশ্যে আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চামগুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ নগাঁও মহিলা আৰু শিশু বিকাশ বিভাগৰ লগতে নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত বাজিয়াগাওঁ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আৰু জিলা মহিলা সাৱলীকৰণ কেন্দ্ৰৰ কাৰিকৰী সহায়ত, বেটি বচাও, বেটি পঢ়াও ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভা খন অনুষ্ঠিত হোৱাৰ পূৰ্বে বাল্য বিবাহ বন্ধ কৰা আৰু কন্যা শিশুৰ শিক্ষাক মূল্য দিয়া সন্দৰ্ভত বিভিন্ন শ্লোগান দি এক সমদল উলিওৱা পৰিলক্ষিত হয়৷ উক্ত সজাগতা সভাখনত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, উপস্থিত থাকি বেটি বচাও বেটি পঢ়াও আৰু বাল্যবিৱাহৰ সন্দৰ্ভত ভাষন প্ৰদান কৰে ৷উক্ত সভাখনত নগাঁও ভা: প্ৰ: সে: অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, নগাওঁ ডাক সংমণ্ডলৰ অধীক্ষক, জিলা সমাজ কল্যান বিষয়াকে প্ৰমুখ্য কৰি বহুকেইজন গণ্য মান্য লোক উপস্থিত থাকি ভাষন প্ৰদান কৰে ৷ লগতে সংশ্লিষ্ট অংশীদাৰ সকলৰ লগতে চামগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মনিকা হাজৰিকা সহ বিভিন্ন গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলৰ লগতে গাওঁ প্ৰধান আশা কৰ্মী সকলৰ লগতে উক্ত অঞ্চলৰ একাংশ ৰাইজ উপস্থিত থাকে। উক্ত সজাগতা সভা খনৰ লগতে সুকন্যা সমৃদ্ধি যোজনা আচঁনিৰ সন্দৰ্ভত ডাক বিভাগৰ লোকে মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ জিলা সমাজ কল্যান বিষয়া বিদ্যুত হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা সজাগতা সভাখনত জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, জিলা মিছন সমন্বয়ক বৰ্ণালিকা গোস্বামীয়ে লিংগ বৈষম্য, লিংগ ভিক্তিক হিংসা আৰু বেটি বচাও বেটি পঢ়াওৰ মূল উদ্দেশ্যে বাখ্যা কৰে। মহকুমা স্বাস্থ্য বিষয়া বিশ্বৰূপ গোহাঁই বৰুৱাই বাল্যবিবাহৰ স্বাস্থ্যজনিত প্ৰভাৱৰ ওপৰত ভাষণ প্ৰদান কৰে। চামগুৰি ৰাজহ চক্ৰ বিষয়া নগাঁও ডাক সংমণ্ডলৰ, ডাক অধীক্ষককে ধৰি বহুকেইজন লোকে ভাষন প্ৰদান কৰে৷ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী, অঙ্গনাবাদী কৰ্মী, কলিয়াবৰ কাজী কাৰ্যালয়ৰ প্ৰতিনিধি সকলেও বাল্য বিবাহ দূৰীকৰণৰ সন্দৰ্ভৰ বিষয়ে তেওঁলোকৰ নিজৰ নিজৰ মত দাঙি ধৰে। কলিয়াবৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, জুন্তি হাজৰিকাই আতঁধৰা সজাগতা সভাখনত শলাগৰ শৰাই আগবঢ়াই বাজিয়াগাঁও শিশু উন্নয়ন প্ৰকল্প বিষয়া, দিপা শ্যামে ৷উক্ত সজাগতা সভাখনত নগাঁও জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ সহযোগত এখন সজাগতামূলক চুটি নাটক আৰু বাল্য বিবাহৰ সন্দৰ্ভত দিহা নাম পৰিৱেশ কৰে শিল্পী সকলে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like