নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনর্গঠনৰ তালিকা প্রকাশ নির্বাচন আয়োগৰ

বিশেষ বাৰ্তা, ১১ আগষ্টঃ পূর্বানুমানক বাস্তৱত পৰিণত কৰি অসমৰ ৰাজনৈতিক মানচিত্র সলনিত চূড়ান্ত মোহৰ মাৰিলে দেশৰ নির্বাচন আয়োগে৷ সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নির্বাচন আয়োগে ৰাজ্যৰ লোকসভা–বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণৰ চূড়ান্ত তালিকা প্রকাশ কৰে৷ ইয়াৰ লগে লগে ২০২৪ চনৰ লোকসভা নির্বাচন পুনর্গঠিত সমষ্টিৰ ভিত্তিত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল৷ ‘জনপ্রতিনিধি আইন–১৯৫০’ৰ ৮–ক ধাৰাৰ অধীনত প্রকাশ কৰা চূড়ান্ত তালিকাত বর্তমানৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা ক্রমে ১২৬ আৰু ১৪টাই ৰখা হৈছে৷ অৱশ্যে কেতবোৰ সমষ্টিৰ নতুনকৈ নামকৰণ কৰাৰ সমান্তৰালকৈ ব্যাপক সালসলনি ঘটোৱা হৈছে পৰিসৰৰ৷ একেদৰে সংৰক্ষণৰ ক্ষেত্রতো নির্বাচন আয়োগে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ অনুসূচিত জনজাতিৰ বাবে দুটা লোকসভা আৰু ১৯টা বিধানসভা সমষ্টি সংৰক্ষণ কৰাৰ বিপৰীতে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে ৯টা বিধানসভা আৰু এটা লোকসভা সমষ্টি৷ অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষণ কৰা লোকসভা সমষ্টি দুটা হ’ল কোকৰাঝাৰ আৰু ডিফু৷ সেইদৰে অনুসূচিত জনজাতিৰ নামত সংৰক্ষণ কৰা হৈছে দোতমা, কোকৰাঝাৰ, গোৱালপাৰা পশ্চিম, দুধনৈ, চিদলী চিৰাং, বকো–ছয়গাঁও, বাক্সা, তামলুপুৰ, ওদালগুৰি, ঢকুৱাখনা, ধেমাজি, জোনাই, মাজুলী, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আম্ৰি আৰু হাফলং৷ অনুৰূপ ধৰণে অনুসূচিত জাতিৰ বাবে শিলচৰ লোকসভা সমষ্টিৰ লগতে বৰপেটা, হাজো–শুৱালকুছি, ডিমৰীয়া, জাগীৰোড, ৰহা, বিহালী, নাওবৈচা, ধলাই আৰু ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টি সংৰক্ষণ কৰা হৈছে৷ পূর্বে অনুসূচিত জনজাতিৰ বাবে ১৬টা আৰু অনুসূচিত জাতিৰ বাবে আঠটা বিধানসভা সমষ্টি সংৰক্ষিত আছিল৷ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত প্রস্তুত কৰা অসমৰ লোকসভা–বিধানসভা সমষ্টিৰ পুনৰ নির্ধাৰণৰ চূড়ান্ত তালিকাৰ ক্ষেত্রত গ্রামাঞ্চলৰ প্রশাসনিক গোট হিচাপে গাঁও আৰু চহৰাঞ্চলত ৱার্ডক লৈছিল নির্বাচন আয়োগে৷ উল্লেখ্য যে যোৱা ২০ জুনত নির্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ গঠনৰ খচৰা প্রস্তাৱ প্রকাশ কৰিছিল৷ এই খচৰা প্রস্তাৱক গৰিষ্ঠসংখ্যকে আদৰণি জনোৱাৰ বিপৰীতে একাংশই বিৰোধিতা কৰে৷ তাৰ মাজতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত সম্পূর্ণ নির্বাচন আয়োগে যোৱা ১৯ জুলাইত গুৱাহাটীত উপস্থিত হৈ একেৰাহে তিনি দিন ধৰি দাবী–আপত্তিসমূহৰ ওপৰত বিভিন্ন দল–সংগঠন আৰু ব্যক্তি বিশেষৰ উপস্থিতিত ৰাজহুৱা শুনানি গ্রহণ কৰিছিল৷ নির্বাচন আয়োগৰ যুটীয়া সঞ্চালক (মিডিয়া) অনুজ চন্দকে আজি সদৰী কৰা অনুসৰি খচৰা প্রস্তাৱৰ ওপৰত ১২২২টা দাবী–আপত্তি লাভ কৰাৰ লগতে তিনিদিনীয়া ৰাজহুৱা শুনানিত ৬ হাজাৰৰো অধিক লোকে অংশগ্রহণ কৰিছিল৷ এই সময়ছোৱাতে ঐতিহাসিক–সাংস্কৃতিক্ দিশ উনুকিয়াই বিভিন্ন দল–সংগঠনে কেতবোৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ নামকৰণক লৈ আপত্তি দর্শায়৷ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নির্বাচন আয়ুক্ত অনুপ চন্দ্র পাণ্ডে আৰু অৰুণ গোয়েলে বিষয়টো সূক্ষ্মভাৱে বিবেচনা আৰু পর্যালোচনা কৰে৷ বিশেষকৈ খচৰা প্রস্তাৱ চূড়ান্ত কৰাৰ পূর্বে সাংবিধানিক আৰু সংবিধিবদ্ধ ব্যৱস্থাৰ অধীনত ইয়াক পর্যালোচনা কৰা হয়৷ নির্বাচন আয়োগে লাভ কৰা মুঠ ১২২২টা দাবী–আপত্তিৰ ভিতৰত প্রায় ৪৫ শতাংশ চূড়ান্ত তালিকাত সমাধান কৰা হৈছে বুলি সঞ্চালক (মিডিয়া) অনুজ চন্দকে উল্লেখ কৰিছে৷ তেওঁ সদৰী কৰা অনুসৰি ৫ শতাংশ দাবী–আপত্তি সাংবিধানিক আৰু সংবিধিবদ্ধ ব্যৱস্থাৰ বাহিৰত আছিল৷ সেয়েহে ইয়াক গ্রহণ কৰিব পৰা নগ’ল৷ সেইদৰে বাকী দাবী–আপত্তিসমূহ বিবেচনাযোগ্য নাছিল৷ বিভিন্নজনে দর্শোৱা আপত্তিৰ পিছত এটা লোকসভা আৰু ১৯টা বিধানসভা সমষ্টিৰ নাম চূড়ান্ত তালিকাত সলনি কৰা হৈছে৷ অর্থাৎ খচৰা প্রস্তাৱৰ ঠাইত এই সমষ্টিকেইটাৰ নতুনকৈ নামকৰণ কৰাত সহমত প্রকাশ কৰে নির্বাচন আয়োগে৷ সেই অনুসৰি খচৰা প্রস্তাৱত মঙলদৈ লোকসভা সমষ্টিৰ বিলুপ্তি ঘটাই নামকৰণ কৰা দৰঙৰ লগত এইবাৰ ওদালগুৰি শব্দটো সংযোজন ঘটোৱা হৈছে৷ অর্থাৎ এই লোকসভা সমষ্টিটোৰ নতুন নাম হ’ব দৰং–ওদালগুৰি৷ বিধানসভা সমষ্টিৰ ক্ষেত্রত মানকাচৰক বীৰসিং ঝৰুৱা, দক্ষিণ শালমাৰাক মানকাচৰ, মাণিকপুৰক সৃজনগ্রাম, ভৱানীপুৰক ভৱানীপুৰ–সৰভোগ, ৰূপসীক পাকা বেতবাৰী, বকোক বকো–ছয়গাঁও, হাজোক হাজো–শুৱালকুছি, গোৱর্ধনাক মানস, বটদ্রৱাক ধিং, নগাঁৱক নগাঁও–বটদ্রৱা, চতিয়াক নদুৱাৰ, চাবুৱাক চাবুৱা–লাহোৱাল, মৰাণক খোৱাং, ডিমা হাছাওক হাফলং, আলগাপুৰক আলগাপুৰ–কাটলিচেৰা, বদৰপুৰক কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ উত্তৰক কৰিমগঞ্জ দক্ষিণ, কৰিমগঞ্জ দক্ষিণক পাথাৰকান্দি আৰু ৰাতাবাৰীক ৰামকৃষ্ণ নগৰ হিচাপে নামকৰণ কৰা হৈছে৷ বিধানসভা সমষ্টিসমূহৰ ক্ষেত্রত চূড়ান্ত তালিকাখন পর্যালোচনা কৰিলে কেতবোৰ গুৰুত্বপূর্ণ দিশ প্রতিফলিত হয়৷ ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ ৩০টা নতুন বিধানসভা সমষ্টি গঠন কৰিলে নির্বাচন আয়োগে৷ বিটিআৰৰ কোকৰাঝাৰ জিলাত পূর্বে বিধানসভা সমষ্টিৰ সংখ্যা আছিল তিনিটা৷ গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম আৰু কোকৰাঝাৰ পূব বিধানসভা সমষ্টিকেইটাক লৈ কোকৰাঝাৰ জিলাখন গঠন হৈছিল৷ কিন্তু এতিয়াৰে পৰা কোকৰাঝাৰ জিলাত বিধানসভা সমষ্টিৰ সংখ্যা হ’ব পাঁচটা৷ এই পাঁচ বিধানসভা সমষ্টি হ’ল– গোসাঁইগাঁও, দোতমা, কোকৰাঝাৰ, বাওখুংগ্রি আৰু পর্বতঝোৰা৷ ধুবুৰী জিলাৰ ক্ষেত্রত বিধানসভা সমষ্টিৰ সংখ্যা আগৰ দৰে পাঁচটাই আছে যদিও জিলাখনৰ বিলাসীপাৰা পশ্চিম আৰু বিলাসীপাৰা পূব সমষ্টি দুটা বাদ দিয়া হৈছে৷ জিলাখনৰ বিধানসভা সমষ্টিকেইটা হ’ব গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং ঝৰুৱা আৰু বিলাসীপাৰা৷ বঙাইগাঁও জিলাৰ ক্ষেত্রত কর্তন কৰা হৈছে অভয়াপুৰী দক্ষিণ আৰু অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি৷ জিলাখনত পূর্বৰ বঙাইগাঁও বিধানসভা সমষ্টিটো থাকিব যদিও নতুনকৈ গঠন কৰা হৈছে অভয়াপুৰী আৰু সৃজনগ্রাম নামেৰে দুটা সমষ্টি৷ দক্ষিণ শালমাৰা জিলাত মানকাচৰ সমষ্টিটো ৰখা হৈছে৷ অনুৰূপ ধৰণে গোৱালপাৰা জিলাৰ পূর্বৰ জলেশ্বৰ, গোৱালপাৰা পশ্চিম, গোৱালপাৰা পূব আৰু দুধনৈ সমষ্টিৰ কোনো সালসলনি ঘটা নাই৷ কিন্তু গোৱালপাৰা পশ্চিম সমষ্টিটো নতুনকৈ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে৷ বৰপেটা জিলাত বিধানসভা সমষ্টিৰ ব্যাপক পৰিৱর্তন ঘটোৱা হৈছে আজি প্রকাশিত চূড়ান্ত তালিকাৰ জৰিয়তে৷ নতুনকৈ সীমা নির্ধাৰণ হোৱাৰ লগে লগে জিলাখনত আগতে থকা সৰভোগ, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী আৰু পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটিব৷ লগতে বৰপেটা সদৰ সমষ্টি হ’ব অনুসূচিত জাতিৰ বাবে সংৰক্ষিত৷ নির্বাচন আয়োগৰ সিদ্ধান্ত অনুসৰি বৰপেটা জিলাখন গঠন হ’ব ভৱানীপুৰ–সৰভোগ, মন্দিয়া, চেঙা, বৰপেটা, পাকা বেতবাৰী আৰু বজালী বিধানসভা সমষ্টিক সামৰি৷ চিৰাং জিলাত অন্তর্গত হ’ব দুই বিধানসভা সমষ্টি ক্রমে চিদলী চিৰাং আৰু বিজনী৷ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিটো বিলুপ্তি ঘটোৱা হৈছে৷ অৱশ্যে ছয়গাঁও নামটো বকোৰ সৈতে সন্নিৱিষ্ট হৈ থাকিব৷ জিলাখনত নতুনকৈ গঠন কৰা হৈছে ছমৰীয়া বিধানসভা সমষ্টি৷ তদুপৰি হাজোৰ সৈতে শুৱালকুছি নামটো সংযোজন ঘটাই এই বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে৷ কামৰূপ জিলাৰ বিধানসভা সমষ্টিকেইটা হ’ব ছমৰীয়া, বকো–ছয়গাঁও, পলাশবাৰী, হাজো–শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ৷ কামৰূপ মহানগৰ জিলাত নতুনকৈ তিনিটা বিধানসভা সমষ্টি গঠন কৰাৰ বিপৰীতে পূর্বৰ পশ্চিম গুৱাহাটী সমষ্টিটো কর্তন কৰা হৈছে৷ এতিয়াৰে পৰা জিলাখনৰ অধীনত থাকিবলগীয়া সমষ্টিসমূহ হৈছে– দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, চেণ্ড্রেল গুৱাহাটী আৰু জালুকবাৰী৷ নলবাৰী জিলাৰ বর্তমানৰ বৰক্ষেত্রী আৰু নলবাৰী বিধানসভা সমষ্টি দুটা থাকিব যদিও ধর্মপুৰ সমষ্টিটো বিলুপ্তি ঘটাই নতুনকৈ টিহু নামেৰে গঠন কৰা হৈছে৷ পূর্বে বাক্সা জিলা গঠন হৈছিল তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিক লৈ৷ কিন্তু ইয়াৰে বৰমা আৰু চাপাগুৰি বিলুপ্তি ঘটাই মুঠ চাৰিটা সমষ্টি গঠন কৰা হৈছে৷ এই সমষ্টিকেইটা হ’ল– মানস, বাক্সা, তামুলপুৰ আৰু গোৰেশ্বৰ৷ আগতে ওদালগুৰি জিলাত তিনিটা বিধানসভা সমষ্টি আছিল৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্রতিনিধিত্ব কৰা ইয়াৰে পানেৰী বিধানসভা সমষ্টিটো বিলুপ্তি ঘটোৱা হৈছে৷ জিলাখনত নতুনকৈ গঠন কৰা হৈছে চাৰিটা সমষ্টি ক্রমে ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলা৷ দৰং জিলাৰ কলাইগাঁও সমষ্টিটোৰ বিলুপ্তি ঘটিছে৷ অৱশ্যে বাকী তিনিটা সমষ্টি ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁৱক ৰখা হৈছে চূড়ান্ত তালিকাত৷ মৰিগাঁও জিলাৰ তিনি বিধানসভা সমষ্টি জাগীৰোড, লাহৰীঘাট আৰু মৰিগাঁও অপৰিৱর্তিত হৈ আছে৷ নগাঁও জিলাৰ ক্ষেত্রত খচৰা প্রস্তাৱত ধিং বিধানসভা সমষ্টি কর্তন কৰা হৈছিল যদিও চূড়ান্ত তালিকাত পুনৰ ধিং নামটোৱে স্থান পাইছে৷ খচৰা প্রস্তাৱত উল্লেখ কৰাৰ দৰে বটদ্রৱা সমষ্টিটোৰ বিলুপ্তি ঘটিলেও বটদ্রৱা নামটো নগাঁৱৰ সৈতে সন্নিৱিষ্ট কৰিছে নির্বাচন আয়োগে৷ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজউদ্দিন আজমলে বর্তমানে প্রতিনিধিত্ব কৰি থকা যমুনামুখ বিধানসভা সমষ্টিটো কর্তন কৰা হৈছে৷ জিলাখনত সংলগ্ণ হোৱা বিধানসভা সমষ্টিসমূহ হ’ল– ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, নগাঁও–বটদ্রৱা, ৰহা, বিন্নাকান্দি, হোজাই আৰু লামডিং৷ শোণিতপুৰ জিলাৰ ক্ষেত্রত পদ্ম হাজৰিকাই প্রতিনিধিত্ব কৰা চতিয়া বিধানসভা সমষ্টিটোৰ নামকৰণ নদুৱাৰ কৰা হৈছে৷ লগতে প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তই প্রতিনিধিত্ব কৰি থকা বিহালী সমষ্টিটো এইবাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰিছে৷ জিলাখনৰ বিধানসভা সমষ্টিকেইটা হ’ল– ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা, নদুৱাৰ, বিশ্বনাথ, বিহালী আৰু গহপুৰ৷ লখিমপুৰ জিলাত পূর্বৰ চাৰিটা সমষ্টিৰ উপৰি নতুনকৈ ৰঙানদী নামেৰে আন এটা বিধানসভা সমষ্টি গঠন কৰাৰ লগতে প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা ভৰত চন্দ্র নৰহে প্রতিনিধিত্ব কৰা নাওবৈচাক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে৷ ধেমাজি জিলাতো বর্তমানৰ ধেমাজি আৰু হোজাইৰ উপৰি চিচিবৰগাঁও নামেৰে এটা নতুন বিধানসভা সমষ্টি গঠন কৰা হৈছে৷ তিনিচুকীয়া জিলাত শদিয়া, ডুমডুমা, মার্ঘেৰিটা, ডিগবৈ আৰু তিনিচুকীয়া বিধানসভা সমষ্টি অপৰিৱর্তিত হৈ থাকিব যদিও নতুনকৈ গঠন কৰা হৈছে মাকুম বিধানসভা সমষ্টি৷ ডিব্রুগড় জিলাৰ ক্ষেত্রত খচৰা প্রস্তাৱত লাহোৱাল সমষ্টিটো বিলুপ্তি ঘটোৱা হৈছিল৷ কিন্তু চূড়ান্ত তালিকাত লাহোৱাল নামটো চাবুৱাৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে৷ লগতে নতুনকৈ গঠনৰ প্রস্তাৱ দিয়া মৰাণ বিধানসভা সমষ্টিটোৰ নাম খোৱাং হিচাপে নামকৰণ কৰা হৈছে৷ চৰাইদেউ জিলাত পূর্বৰ মাহমৰা আৰু সোণাৰি বিধানসভা সমষ্টি দুটা অক্ষুণ্ণ থাকিব৷ শিৱসাগৰ জিলাৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটোৱা হৈছে৷ চূড়ান্ত তালিকা অনুসৰি জিলাখনৰ বিধানসভা সমষ্টিসমূহ হ’ব– ডিমৌ, শিৱসাগৰ আৰু নাজিৰা৷ মাজুলী জিলাত নতুনকৈ কোনো বিধানসভা সমষ্টি গঠন কৰা হোৱা নাই৷ যোৰহাট জিলাতো পূর্বৰ চাৰিটা বিধানসভা সমষ্টি ক্রমে টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ বাহাল আছে৷ উজনি অসমৰ আন এখন জিলা গোলাঘাটৰ ক্ষেত্রতো অনুৰূপ পদক্ষেপ৷ জিলাখনৰ গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ বিধানসভা সমষ্টি থাকিব৷ অৱশ্যে পূর্বে দেৰগাঁও বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল যদিও এতিয়াৰে পৰা সকলোৰে বাবে মুকলি হ’ব৷ পাহাৰীয়া জিলা কার্বি আংলঙত তিনিটা বিধানসভা সমষ্টি বোকাজান, হাওৰাঘাট আৰু ডিফু অপৰিৱর্তিত অৱস্থাত ৰাখিছে নির্বাচন আয়োগে৷ আন এখন পাহাৰীয়া জিলা পশ্চিম কার্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিটো কর্তন কৰি নতুনকৈ দুটা সমষ্টি ক্রমে ৰংখাং আৰু আম্ৰি নামেৰে গঠন কৰা হৈছে৷ ডিমা হাছাও জিলাৰ হাফলং বিধানসভা সমষ্টিটোৰ নাম খচৰা প্রস্তাৱত ডিমা হাছাও কৰা হৈছিল৷ কিন্তু চূড়ান্ত তালিকাত পূর্বৰ হাফলং নামটোৱে বাহাল ৰখা হৈছে৷ কাছাৰ জিলাত পূর্বে বিধানসভা সমষ্টিৰ সংখ্যা আছিল সাতটা৷ খচৰা প্রস্তাৱত পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই প্রতিনিধিত্ব কৰা ধলাই সমষ্টিটো কর্তন কৰি নৰসিংপুৰ নামেৰে এটা নতুন বিধানসভা সমষ্টি গঠন কৰিব বিচৰা হৈছিল৷ পিছে চূড়ান্ত তালিকাত পূর্বৰ ধলাই সমষ্টিটোকেই ৰখা হৈছে৷ হাইলাকান্দি জিলাৰ ক্ষেত্রত দুই বিধানসভা সমষ্টি হ’ব হাইলাকান্দি আৰু আলগাপুৰ–কাটলিচেৰা৷ সেইদৰে কৰিমগঞ্জ জিলাৰ ক্ষেত্রত বদৰপুৰ বিধানসভা সমষ্টিটো বিলুপ্তি ঘটোৱাৰ লগতে ৰাতাবাৰীৰ নাম ৰামকৃষ্ণ নগৰ হিচাপে পৰিৱর্তন কৰা হৈছে৷

You might also like