নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ বিশিষ্ট নাগৰিক প্ৰদীপ চন্দ্ৰ ডেকাৰ দেহাৱসান

বাৰ্তা বুৰো, ১২ আগষ্ট : মৰিগাঁও নগৰৰ সমীপৰ দন্দুৱা অঞ্চলৰ জেষ্ঠ নাগৰিক, সমাজকর্মী , ধৰ্মপ্ৰাণ ব্যক্তি তথা মেঘালয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ বিষয়া প্ৰদীপ চন্দ্ৰ ডেকাৰ কালি নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৭ বছৰ। বৰ্ণিল চাকৰি জীৱনত মেঘালয় চৰকাৰৰ হস্ততাঁত আৰু বয়ন শিল্প বিভাগৰ জিলা বিষয়া ৰূপে দক্ষতাৰ পৰিচয় দি শ্বিলং, তুৰা, জোৱাই আদি অঞ্চলত সেৱা আগবঢ়াই ১৯৯৩ চনত বাঘমৰাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কেইবাটাও সামাজিক অনুষ্ঠানৰ লগত জড়িত প্ৰদীপ চন্দ্ৰ ডেকা আছিল দন্দুৱাৰ প্ৰখ্যাত আউলিয়া দৰগাহৰ দীৰ্ঘদিনৰ সভাপতি, মাঘী উৎসৱ পৰিচালনা সমিতিৰ সভাপতি তথা আন বহু অনুষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁৰ বিয়োগত মৰিগাঁও জিলা ছাত্ৰ সন্থা, মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন, মৰিগাঁও জিলা সাংবাদিক সমাজ, জিলা সাংবাদিক সংস্থা, জিলা মেডিয়া ক্লাব, অসম উন্নতি সভা, দন্দুৱা আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ প্ৰাক্তন ছাত্ৰ নেতা তথা নিউজ ১৮ৰ সাংবাদিক পৱন জ্যোতি ডেকাকে ধৰি দুজন পুত্ৰ, দুই বোৱাৰী, চাৰি নাতি-নাতিনীকে ধৰি বহু গুণমুগ্ধ, আত্মীয়-স্বজনক এৰি গৈছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like