নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : আজি পুৱা ধুবুৰী জিলাৰ বালাজানত আৰক্ষীয়ে পশ্চিমবংগৰ পৰা অসম অভিমুখী এখন মালবাহী পিক্আপ বাহনৰ পৰা বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিবলৈ অনা ১২টাকৈ গৰু জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, আজি পুৱা পশ্চিমবংগৰ পৰা এখন গো-সৰবৰাহকাৰী ডব্লিউ বি ৬৩ বি ৩৯৪৭ নম্বৰৰ এখন মালবাহী বলেৰো পিক্আপ বাহন প্ৰৱেশ কৰিছিল ধুবুৰী জিলাত। বিষয়টো অৱগত হৈ জিলাখনৰ গোলকগঞ্জৰ আৰক্ষীৰ এটি দলে গৌৰীপুৰৰ দিশে গৈ থকা তীব্ৰবেগী বাহনখনৰ পিছে পিছে খেদি যায়। ইপিনে, বিষয়টো অৱগত হৈ গোলকগঞ্জৰ সমীপৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুষোত্তম সিঙে নিজৰ বাহন আৰু ড্ৰামেৰে অঞ্চলটোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সেই পিক্আপ বাহনখন ৰখাবলৈ চেষ্টা কৰে। কিন্তু তীব্ৰগতিত অহা বাহনখনৰ চালকে একো কেৰেপ নকৰি গাড়ীখন চলাই নিয়ে আৰু ৰাজপথত থকা ড্ৰামত খুন্দা মৰাৰ পিছতহে ট্ৰাকখনৰ গতি ৰুদ্ধ হয়। ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে আৰক্ষী বিষয়াগৰাকী সিঙৰ। অকষ্মাতে সংঘটিত হোৱা এই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হুৱাদুৱাৰ সুযোগ লৈ চালকে বাহন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বাহনখনৰ পৰা ১২টাকৈ গৰু উদ্ধাৰ কৰা বুলি প্ৰকাশ। উল্লেখ্য যে এদিন পূৰ্বে আৰক্ষীৰ নিয়মিত তালাচীত নিশা অসম-পশ্চিমবংগ সংলগ্ন ধুবুৰী জিলাৰ ছাগলীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নম্বৰবিহীন আল্ট্ৰা টি-চেভেন ট্ৰাক এখনৰ পৰা উদ্ধাৰ কৰিছিল ১৬ টাকৈ গৰু। ট্ৰাকখনত থকা আলুৰ বস্তাৰ তলত লুকাই অনা হৈছিল গৰুকেইটা।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী