বিশেষ বাৰ্তা, ১২ আগষ্ট : আজি তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ NSSৰ উদ্যোগত চহৰখনৰ ব্যস্ত পথ থানা চাৰিআলিত জল জীৱন মিছন আঁচনিৰ সজাগতাৰ বাবে এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৷ ছাত্ৰীসকলৰ বাটৰ নাটে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ বাটৰ নাটখনৰ জৰিয়তে সাধাৰণ ৰাইজে জল জীৱন মিছন আঁচনিৰ বিনামূলীয়া বিশুদ্ধ পানী সেৱন কৰাৰ অংশীদাৰ হোৱাৰ লগতে যাতে পানীৰ টেপ খুলি নাৰাখি অবাবত পানী নষ্ট নকৰে, তাৰ কাৰণে সকলোলৈ আহ্বান জনায় ৷ বাটৰ নাটৰ সময়ত বিদ্যালয়খনৰ অধ্যক্ষা বন্দনা বড়া আৰু প্ৰশিক্ষক মধুমিতা পাটোৱাৰীয়েও সকলোকে পানী সংৰক্ষণ কৰি বিশুদ্ধ পানী সেৱন কৰিবলৈ আহ্বান জনায় ৷
প্ৰেৰক বিবেক বড়া