🔹 বন্যাৰ্তৰ দুৰ্দশাৰ মাজত মানৱতাৰ জয়গান
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : পানী, পানী আৰু পানী ৷ শিৱসাগৰ জিলাৰ মাজেদি পাৰ হৈ যোৱা শত সহস্ৰজনৰ জীৱন-জীৱিকাৰ উৎসস্বৰূপ তথা শিৱসাগৰবাসীৰ জীৱনৰেখা খৰস্ৰোতা দিখৌ নদী এতিয়া উগ্ৰতাৰ শীৰ্ষত ৷ নাগালেণ্ডৰ লংগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি সৰাগুৰি চাপৰিৰ সমীপত মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱা চিৰযৌৱনা দিখৌৰ উগ্ৰ ৰূপে কাল অমানিশা নমাই আনিছে হাজাৰ হাজাৰ পৰিয়াললৈ ৷ লয়লাস ভংগিমাৰে পূবৰ পৰা পশ্চিমলৈ বৈ থকা চিনাকি নদীখনে বিগত ৭২ ঘন্টা ধৰি শিৱসাগৰ জিলাত সৃষ্টি কৰিছে ভয়ংকৰ সন্ত্ৰাস ৷ শান্ত-সমাহিত নদীৰ বুকুত নগা পৰ্বতৰ পৰা নামি অহা প্ৰচণ্ড ধলে শিৱসাগৰ জিলাত সৃষ্টি কৰিছে এক অবৰ্ণনীয় পৰিৱেশৰ ৷ নদীখনৰ দুয়োপাৰে বাস কৰা হাজাৰ হাজাৰ পৰিয়ালৰ মাজত সৃষ্টি কৰিছে হাহাকাৰময় পৰিস্থিতিৰ ৷ ঘৰৰ মূল্যৱান সা-সামগ্ৰীৰ পৰিৱৰ্তে কথমপি জীৱনটো লৈ ওখ স্থান- মথাউৰিত আশ্ৰয় লোৱা বন্যাৰ্তৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈছে ৷ চৰকাৰে প্ৰদান কৰা এখন বিনামূলীয়া প্লাষ্টিকৰ টিৰ্পাল মূৰৰ ওপৰত লৈ পাৰ কৰিছে ওজাগৰী নিশা ৷ মথাউৰিৰ ওপৰৰ অস্থায়ী শিবিৰত এফালে বৰষুণৰ আতংক, আনফালে সপোনৰ ঘৰখন দিখৌৰ বাঢ়নী পানীৰ তলত এৰি অহাৰ বেদনা ৷ হাড়ক মাটি কৰি এপদ এপদকৈ গোটাই লোৱা মূল্যৱান সা-সামগ্ৰীসমূহ চকুৰ সন্মুখতেই বানৰ প্ৰকোপত জহি-খহি গৈছে ৷ মথাউৰিৰ অস্থায়ী শিবিৰত মহ-ডাঁহৰ কামোৰ খাই অনাহাৰ-অনিদ্ৰাৰে দিখৌৰ উগ্ৰ ৰূপ হ্ৰাস পোৱালৈ বিনিদ্ৰ ৰজনী পাৰ কৰা এইসকল দুৰ্ভগীয়া বন্যাৰ্তৰ কাষত থিয় দিছেহি নগৰৰ একেবাৰে গাতে লাগি থকা আমগুৰি ঘাট প্ৰগতিশীল যুৱ সমাজ ৷ গাঁওখনৰ প্ৰায় পঞ্চাশ শতাংশ পৰিয়াল প্ৰলয়ংকৰী বানৰ কবলত পৰিছে ৷ গাঁওখনৰ মাজেদি পাৰ হৈ যোৱা দিখৌৰ মথাউৰিত আশ্ৰয় লোৱা এইসকল দুৰ্ভগীয়াৰ কাষত থিয় দিছেহি অঞ্চলটোৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী অনুস্থান আমগুৰি ঘাট প্ৰগতিশাল যুৱ সমাজ ৷ অনুস্থানটোৰ কৰ্মকৰ্তাসকলে মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰা পৰিয়ালসমূহৰ বাবে যোগান ধৰিছে খাদ্য ৷ কালি নিশাও কৰ্মকৰ্তাসকলে ৰাজহুৱাভাৱে খাদ্য বস্তু তৈয়াৰ কৰি অস্থায়ী আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহক বিভিন্ন ব্যঞ্জনেৰে নিশাৰ আহাৰ যোগানৰ লগতে বিয়লিৰ ভাগত চাহৰ যোগানো ধৰে ৷ কোনো অনুস্থান-প্ৰতিস্থানৰ পৰা সহায়-সহযোগিতা বিচৰাৰ পৰিৱৰ্তে যুৱকসকলে নিজৰ মাজতেই সংগ্ৰহ কৰা আৰ্থিক অনুদানেৰে বন্যাৰ্তৰ বিপদৰ সময়ত থিয় হোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন আৰ্থ-সামাজিক উন্নয়নত সৰ্বতো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈ আহিছে প্ৰগতিশীল যুৱ সমাজ৷ ইফালে, আমগুৰি ঘাটৰ লগতে লাগি থকা মেটেকা আমগুৰি গাঁৱৰ একেবাৰে শেষ প্ৰান্তত অৱস্থিত দিহিং থানবাসীও এইবাৰ দিখৌৰ প্ৰলয়ংকৰী বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ মাত্ৰ বিশটা দিনৰ ব্যৱধানত দ্বিতীয়বাৰৰ বাবে সৰ্বস্বান্ত হৈ মথাউৰিত আশ্ৰয় লোৱা দুৰ্ভগীয়া বন্যাৰ্তৰ কাষত থিয় দিলে নগৰৰ সমীপৰ ঘিলাগুৰিৰ উদীয়মান যুৱ সমাজকৰ্মী চাকিল আহমেদে ৷ কালি নিশা এইগৰাকী মানৱদৰদী যুৱকে স্থানীয় আমগুৰি যুৱ জামাতৰ কৰ্মকৰ্তাসকলৰ সহায়ত মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা পৰিয়ালসমূহক খাদ্যৰ টোপোলা যোগান ধৰে ৷ দিহিং থান চৌহদ আৰু আশে-পাশে থকা পৰিয়ালসমুহক চৰম দুৰ্দশাৰ সময়ত নিশা যুৱ জামাতৰ সদস্যসকলৰ সহযোগত যুৱ সমাজকৰ্মীগৰাকীয়ে যোগান ধৰে খাদ্য ৷ যি সময়ত বন্যাৰ্তই হতাশা-হুমনিয়াহ-ক্ষতি-ধংসস্তুুপৰ মাজত চকুৰ পানীৰে বাট নেদেখা হৈছে, সেই সময়তেই আমগুৰি ঘাট প্ৰগতিশীল যুৱ সমাজ আৰু ঘিলাগুৰিৰ যুৱ সমাজকৰ্মী চাকিল আহমেদৰ এই বদান্যতা আৰু সহায় হাজাৰ হেৰুওৱাৰ বেদনা-দুখ-আন্ধাৰৰ মাজতো এক আশাৰ ৰেঙনিত পৰিণত হৈছে ৷ ধ্বংসকামী বলিয়া বানৰ অবৰ্ণনীয় ক্ষতিৰ পিছতো মানৱতাৰ জয়গানে জীপাল কৰি তুলিছে যুঁজি যুঁজি জীয়াই থকাৰ হেঁপাহ ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান