নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশনখন সোণাৰি চাপৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত ১২ আগষ্টত সোণাৰি চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হৈ যায় ৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা পঞ্চায়ত কাৰ্যালয়ৰ চৌহদ নিকাকৰণৰ অন্তত গছপুলি ৰোপণ কৰে জাতীয় বিদ্যালয় সোণাৰি চাপৰিৰ অধ্যক্ষ ভদ্ৰ কান্ত গগৈয়ে ৷ ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ তৰ্পণ কৰে পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমেন কলিতাই ৷ দুপৰীয়া সমৱেত সংগীতেৰে মঞ্চ মুকলি কৰি অনুস্থিত কৰা সাধাৰণ সভাৰ আদৰণী ভাষণ পাঠ কৰে সোণাৰি চাপৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন শইকীয়াই ৷ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক জীৱন গগৈয়ে উদ্বোধন কৰা আৰু ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াৰ সভাপতিত্বত অনুস্থিত সাধাৰণ সভাত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ বিভিন্ন অভাৱ-অভিযোগ আৰু ৰাইজৰ সমস্যাসমুহৰ বিষয়ে আলোকপাত কৰি জিলা কৰ্মচাৰী পৰিষদৰ দাবী চনদ আৰু সাংগঠনিক দিশৰ ওপৰতো পৰ্যালোচনা কৰি কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ অধিৱেশনত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলো উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি