নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰীৰ নিকটৱৰ্তী বাল্লিমাৰীত আজি আবেলি ভাগত পাণবাৰী থানাৰ আৰক্ষীৰ দলে এক অভিযান চলাই সোণৰ এখন নকল নাৱৰ লগতে এটা যীশুখ্ৰীষ্টৰ নকল সোণৰ মূৰ্তি জব্দ কৰাৰ উপৰি এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ সোণৰ নাও আৰু সোণৰ মূৰ্তিসহ গ্ৰেপ্তাৰ লোকজন হৈছে ধেমাজি জিলাৰ হাফীজ আলী (২৫) ৷ ধৃত হাফীজৰ ঘৰ ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ৩নং সোণাপুৰত। ধৃত যুৱকজনে লখিমপুৰৰ পৰা চিৰাঙৰ পাণবাৰী বাল্লিমাৰীলৈ লৈ আহিছিল নকল সোণৰ নাও আৰু মূৰ্তিটো। তেওঁ প্ৰকাশ কৰা মতে, তেওঁৰ হাতত উক্ত সোণৰ নাও আৰু মূৰ্তিটো এজন লোকে পঠাই দিছিল ৷ সেই সূত্ৰে তেওঁ লৈ আহিছিল নকল সোণখিনি ৷ নকল সোণখিনি পাণবাৰীৰ এজন গ্ৰাহকক মুঠ ৬০ লাখ টকাত দিয়াৰ বন্দৱস্ত হৈছিল । জব্দকৃত নাওখনৰ ওজন ১.৬৮০ কিলোগ্ৰাম আৰু মূৰ্তিটোৰ ওজন ১.৭৫০ কিলোগ্ৰাম। ধৃত হাফীজৰ পৰা এটা মোবাইল আৰু ৫১০ টকা জব্দ কৰে পাণবাৰী আৰক্ষীয়ে । ধৃত যুৱকজনে সংবাদ মাধ্যমৰ আগত সোণখিনি নকল বুলি জানিবলৈ দিছে ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ