নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত বিশ্ব হস্তী দিৱস পালন

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : শোণিতপুৰৰ চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত সন্থা ডব্লিউ ডব্লিউ এফৰ উদ্যোগত বিশ্ব হস্তী দিৱস পালন কৰা হয় । বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ দাসৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত ডব্লিউ ডব্লিউ এফৰ সমন্বয়ক তথা লেণ্ডস্কেপৰ হিতেন কুমাৰ বৈশ্যই ছাত্ৰ-ছাত্ৰীক প্ৰজেক্টৰৰ সহায়ত এছিয়ান হাতীৰ চমু বিৱৰণ, হস্তী-মানৱৰ সংঘাত, হস্তী-মানৱৰ সংঘাত হ্ৰাসকৰণৰ উপায়সমূহ, পৰিস্থিতিতন্ত্ৰ, পৰিস্থিতিতন্ত্ৰত হাতীৰ আৱশ্যকীয়তা আৰু ভূমিকা, হস্তী-মানৱৰ সংঘাত হ্ৰাসত ৰাইজ, চৰকাৰ, বন বিভাগৰ ভূমিকা, হস্তী-মানৱৰ সহাৱস্থান ইত্যাদি বিভিন্ন বিষয়ত অৱলোকন কৰি সকলোকে হস্তীৰ নিৰাপদ বাসস্থান, সুৰক্ষা নিশ্চিতকৰণত সহায় কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানটোত সন্থাটোৰ উদ্যোগত হস্তী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন আৰু পৰিৱেশ সংৰক্ষণ বিষয়ক ৰচনা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰো প্ৰদান কৰা হয়। অনুষ্ঠানটোৰে আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে বিদ্যালয়ৰ পৰা চাৰিদুৱাৰ পৰ্যন্ত এক বিশাল হস্তী সজাগতা ৰেলী উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ হস্তীৰ সুৰক্ষা নিশ্চিত কৰক, হস্তী-মানৱৰ সংঘাত নিৰ্মূল কৰক, হস্তীৰ বাসস্থান ওভতাই দিয়ক, হস্তী আমাৰ বিশ্বাসী বন্ধু, হাতীক বচাওক ইত্যাদি বিভিন্ন শ্লোগান দিয়ে । অনুষ্ঠানটোত ডব্লিউ ডব্লিউ এফৰ ছিনিয়ৰ প্ৰজেক্ট বিষয়া ডেভিড স্মিথ, প্ৰজেক্ট বিষয়া জিতুল কলিতা, ফিল্ড সহায়ক ৰংজালু বসুমতাৰীৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like