🔹 দিনৰ ১১ বজাৰ পৰা নিশা পৰ্যন্ত বিভিন্ন প্ৰান্তত ৰাইজৰ বিপুল সঁহাৰি
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ কঠোৰ আইন প্ৰণয়নৰ দাবীত আজি পাঠশালাত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ বজালী জিলা সমিতিৰ উদ্যেগত ব্যাপক গণ স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ এই অনুষ্ঠানৰ পূৰ্বে বজালী জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধ্যক্ষ আনন্দ খাটনিয়াৰৰ উদ্যোগত পাঠশালাত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত এখন সভাৰ আয়োজন কৰা হয়৷ সভাৰ অন্তত পাঠশালা নগৰৰ বজাৰ অঞ্চলত এক গণস্বাক্ষৰ সংগ্ৰহ অভিযানৰো আয়োজন কৰা হয়, য’ত বজালী জিলাৰ জেএছএফ কাৰ্য্যকৰ্তাসকলক নগৰখনৰ সৰ্বস্তৰৰ ৰাইজে ব্যাপক সঁহাৰি জনাই যথেষ্টসংখ্যক স্বাক্ষৰ প্ৰদান কৰে৷ আজিৰ এই গণ স্বাক্ষৰ সংগ্ৰহ অভিযানত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৰাজ্যিক অধ্যক্ষ পংকজ তালুকদাৰৰ লগতে সংগঠন সচিব মৃণাল গোস্বামী, উপাধ্যক্ষদ্বয় ক্ৰমে ড° ৰঞ্জন কুমাৰ মেধি, ভাস্কৰ দাস আৰু যুৱশক্তিৰ ৰাজ্যিক অধ্যক্ষ প্ৰিয়ংকু নাৰায়ণ বৰুৱাও উপস্থিত থাকে৷ পাঠশালা নগৰৰ কাৰ্য্যসূচী ব্যাপক সঁহাৰিৰে সমাপন হোৱাৰ পিছতে জেএছএফৰ ৰাজ্যিক কাৰ্য্যকৰ্তাসকলক বজালী জিলাৰ অধ্যক্ষ আনন্দ খাটনিয়াৰে সৰুপেটা চহৰলৈ লৈ গৈ তাত গণস্বাক্ষৰ সংগ্ৰহ অভিযান চলায়৷ মহিলা শক্তিৰ বজালী জিলাৰ অধ্যক্ষা নমিতা দাসৰ সহযোগত সৰুপেটা চহৰতো ৰাইজৰ ব্যাপক সঁহাৰিৰে এই অভিযান সমাপন কৰি জেএছএফৰ দলটোৱে বজালীৰ নিত্যানন্দলৈ গৈ সেই অঞ্চলৰ বিশিষ্ট ব্যক্তি কনক নাথৰ উদ্যোগত গণস্বাক্ষৰ সংগ্ৰহ অভিযানৰ আয়োজন কৰে। উল্লেখ্য যে জনবিস্ফোৰণ আৰু জনসাংখ্যিকীয় অসন্তুলনৰ পৰা সৃষ্ট সংসাধন, সামাজিক, আৰ্থিক আৰু পাৰিপাৰ্শ্বিক সংকটৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধসদৃশ পৰিৱেশক নিৰাময় কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ বজালী জিলা সমিতিয়েও বিগত দুটা বছৰে বিভিন্ন কাৰ্যসূচীৰে চৰকাৰক দাবী জনাই আহিছে ৷ জে এছ এফৰ বজালী জিলাৰ অধ্যক্ষ আনন্দ খাটনিয়াৰে এই কাৰ্যসূচীসমূহৰ নেতৃত্ব দি কয় যে ভাৰতৰ সংস্কৃতি আৰু সততাক অক্ষত ৰাখিব বিচৰা সমগ্ৰ দেশৰ লোকসকলে জনসংখ্যাৰ শ্ৰেণীৰ ভাৰসাম্যহীনতাক লৈ অত্যন্ত চিন্তিত। পূৰ্বতে ধৰ্মীয় ৰেখাৰে বিভক্ত দেশখনত মুঠ প্ৰজনন হাৰ তথাকথিত হ্ৰাস পোৱাৰ পিছতো জনসাধাৰণৰ বিভিন্ন শ্ৰেণীৰ মাজত সামাজিক ভাৰসাম্যৰ অৱনতি অব্যাহত থকাটো এক আতংকজনক পৰিস্থিতি বুলি বহুলভাৱে বিশ্বাস কৰা হয়। এই ভাৰসাম্যহীনতাই ভৱিষ্যতে দেশৰ বাবে অত্যন্ত বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ব পাৰে বুলি মন্তব্য কৰি খাটনিয়াৰে ভাৰত চৰকাৰক বিষয়টোৰ ওপৰত তৎকালে গুৰুত্ব আৰোপ কৰি এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰে৷
প্ৰেৰক কল্যাণ কলিতা