নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত বৰপেটা সদৰৰ আৰক্ষী উপ-পৰিদৰ্শক-হোমগাৰ্ড

বাৰ্তা ব্যুৰো,  ১২ আগষ্ট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত প্ৰায় প্ৰতিদিনেই ঘোচখোৰ-দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৷ কিন্তু ইমানৰ পিছতো একাংশ চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ ৰাইজৰ পৰা  ঘোচ ল’বলৈ কুন্ঠাবোধ কৰা নাই ৷ আজি পুনৰ ঘোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বৰপেটা সদৰ থানাৰ এজন আৰক্ষী উপ-পৰিদৰ্শক আৰু এজন হোমগাৰ্ড ৷ এগৰাকী ব্যক্তিক গোচৰৰ পৰা ৰেহাই দিয়াৰ নামত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বৰপেটা সদৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক নিজাম উদ্দিন ভূঞা আৰু হোমগাৰ্ড লাল চান্দ আলী ৷ এই বাতৰি লিখা পৰলৈকে দুুৰ্নীতিগ্ৰস্ত আৰক্ষী উপ-পৰিদৰ্শক আৰু হোমগাৰ্ডজনক বৰপেটা সদৰ থানাত জেৰা চলাই আছে ৷

প্ৰেৰক নৱজিৎ বায়ন

You might also like