নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : জোনাইৰ চিমেন চাপৰিৰ চিমেন নৈত শনিবাৰে আবেলি আবদ্ধ হৈ পৰে সাতজনকৈ লোক। জানিব পৰা মতে, শনিবাৰে পুৱাই চিমেন চাপৰিৰ ৩০জনীয়া এটা দলে চিমেন নৈৰ বুকুত খৰি বুটলিবলৈ ওলাই যায়। কিন্তু অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চিমেন নৈৰ বাঢ়নী পানীত আবদ্ধ হৈ পৰে দলটোৰ কেইবাজনো লোক। খবৰৰ ভিত্তিত নদীত আবদ্ধ হৈ পৰা কিছু ব্যক্তিক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সন্ধিয়া নামি অহাত নদীত আবদ্ধ হৈ পৰা বাকী সাতগৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৰাইজে ৷ এনে সময়ত স্থানীয় ৰাইজে আৰক্ষী আৰু জোনাই SDRF বাহিনীক খবৰ দিয়াত শনিবাৰে নিশা চিমেন নদীত উপস্থিত হৈ আৰক্ষী আৰু SDRF বাহিনীৰ দলটোৱে উদ্ধাৰ অভিযান চলাই নিশাই আবদ্ধ হৈ পৰা সাতজনকৈ লোকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা সাতজন লোকৰ ভিতৰত ১৫ বছৰৰ তলৰ ৬জন কিশোৰ আছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক কৰবী দলে