নিয়মীয়া বাৰ্তা ১৩ আগষ্ট : বিগত দুই-তিনি ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ বানৰ বিভীষিকা আৰম্ভ হৈছে। কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ আঠিয়াবাৰী ৰেঞ্জৰ ২ নং আঠিয়াবাৰী গাঁৱত কেইবাটাও পৰিয়াল কৃত্ৰিম বানৰ কবলত পৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। উল্লেখ্য যে পূৰ্বতে এই পানী হেল নদীৰে বৈ গৈছিল যদিও বান্ধ বন্ধ কৰি দিয়াত সম্প্ৰতি পানী ওলাই নোযোৱাত এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে ২ নং আঠিয়াবাৰী গাঁৱত। ভুক্তভোগী পৰিয়ালসমূহে স্থানীয় বিধায়কৰ লগতে বিটিচি চৰকাৰ আৰু অসম চৰকাৰক উক্ত সমস্যাটো সমাধান কৰি দিবলৈ অনুৰোধ জনায় । ইফালে, সম্প্ৰতি নেৰানেপেৰা বৰষুণ হলে গাঁওখনত ভূটানৰ পৰা বৈ অহা জলপৃষ্ঠ যথেষ্ট বৃদ্ধি হ’ব। নদীৰ বাঢ়নী পানীত যিকোনো মূহুৰ্তত গাঁওখনত বানপানী হোৱাৰ সম্ভৱনা প্ৰকট হৈছে।
প্ৰেৰক কৃষ্ণ বৰ্মন