নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাশ্চাত্য সংস্কৃতিক আঁকোৱালি লোৱা একাংশ অসমীয়াই পাহৰিছে কলা–সংস্কৃতিৰ ঘাইশিপা

🔹 অসম সাহিত্য সভাৰ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ কার্যালয় উদ্বোধন মৃণালিনী দেৱীৰ
নিয়মীয়া বার্তা, ১৪ আগষ্ট : ৰাজ্যত অসমীয়া ভাষা জীয়াই ৰাখিবলৈ হ’লে অসমীয়া ভাষাত কথা কোৱা মানুহৰ সংখ্যা বৃদ্ধি কৰিব লাগিব৷ পাশ্চাত্য সংস্কৃতিক আঁকোৱালি লৈ অসমীয়াৰ কলা–সংস্কৃতিৰ ঘাইশিপাডাল পাহৰি পেলাইছে এচাম অসমীয়াই৷ মৰিগাঁও–নগাঁও জিলাৰ সীমান্তৱর্তী বাৰপূজীয়াত অহা বর্ষৰ ১, ২ আৰু ৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিৱেশনৰ কার্যালয় উদ্বোধন কৰি মুকলি সভাত অসমীয়া জাতিৰ ভৱিষ্যতক লৈ এই গুৰুত্বপূর্ণ মন্তব্য কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভানেত্রী, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীয়ে৷ তেওঁ কয় যে সমাজত সাহিত্য–সংস্কৃতি নাথাকিলে এটা জাতি জীয়াই থাকিব নোৱাৰে৷ আজিৰ প্রজন্মৰ শিশুক ৰামায়ণ–মহাভাৰতৰ্ প্রাচীন শিক্ষা প্রদান কৰিব লাগিব, তেতিয়াহে অসমীয়া সমাজখনৰ সংস্কাৰ হ’ব৷ অসম সাহিত্য সভাই সমাজ গঢ়াৰ সংকল্প ল’ব লাগিব বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যকগৰাকীয়ে৷ সমাজত পৰিৱর্তন আহিলেও শিপা কেতিয়াও হেৰুৱাব নালাগে বুলি মন্তব্য কৰি সাহিত্য সভাৰ প্রাক্তন উপ–সভানেত্রীগৰাকীয়ে পৰিৱর্তনৰ নামত বিদেশত শিক্ষাগ্রহণ কৰাই সন্তানক টকা ঘটা মেচিন হিচাপে গঢ়ি তোলাৰ মানসিকতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে মৰিগাঁও জিলাৰ বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনক লৈ ইতিমধ্যে পূর্ণ প্রস্তুতি আৰম্ভ হৈছে৷ অধিৱেশনখন সফল ৰূপায়ণৰ বাবে মূল অভ্যর্থনা সমিতিৰ লগতে ৩৪খন উপ–সমিতি গঠন কৰা হৈছে৷ প্রায় তিনি কোটি টকাৰ বাজেটেৰে বাৰপূজীয়াত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিৱেশনৰ বাবে কালি দেৱবাদ্যৰ ধ্বনি, মাংগলিক কার্যৰে কার্যালয় উদ্বোধন কৰা হয়৷ অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ আদৰণী সমিতিৰ সম্পাদক ডাঃ প্রদীপ কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ভাষণ দিয়ে ক্রমে অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মা, মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র শইকীয়া আৰু আদৰণী সমিতিৰ কার্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শর্মাই৷ আনহাতে, সভাত উপস্থিত থাকে ক্রমে বিশিষ্ট সাহিত্যিক ধীৰেন্দ্র নাথ শর্মা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক প্রতাপ হাজৰিকা, অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক বিনু লস্কৰ ঠাকুৰীয়া, হৰেন্দ্র বৰা, অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য, জ্যেষ্ঠ সাংবাদিক অজিত শর্মা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ঠগিত মহন্ত, মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড০ অচ্যুত কুমাৰ দাসৰ লগতে মৰিগাঁও–নগাঁও জিলাৰ কেইবাগৰাকী সাহিত্যক৷

প্ৰেৰক মানস নাথ

You might also like