নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ কপোহাত পথত ভূঁই ৰুই প্ৰতিবাদ

🔹 পথ নিৰ্মাণ নোহোৱাত সাংসদ -বিধায়কৰ বিৰুদ্ধে ক্ষোভ জনতাৰ
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : বৰপেটাৰ ভাতকুছি পঞ্চায়তৰ অন্তৰ্গত কপোহা গাঁৱৰ এটি শোচনীয় পথে জ্লাকলা খুৱাইছে পথচাৰীৰ লগতে শ শ ছাত্ৰ-ছাত্ৰীক। কিয়নো এজাক বৰষুণ দিলেই পথছোৱাত জমা হয় একাঁঠু বোকা-পানী। পথছোৱাৰে চাৰিচকীয়া তথা দুচকীয়া বাহনতো বাদেই, খোজকাঢ়িও যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়। সেয়ে পথটিৰ এনে বিধ্বস্ত ৰূপত অতিষ্ঠ হৈ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে পথত ভূঁই ৰুই সাংসদ-বিধায়কৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। এতিয়া উপায়হীন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীক উক্ত পথছোৱা মেৰামতি কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ
You might also like