নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বিভাজন বিভীষিকা স্মৃতি দিৱসত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : “১৯৪৭ চনত মুষ্টিমেয় কেইগৰাকীমান কংগ্ৰেছী নেতা আৰু মুছলিম লীগৰ নেতাই ইংৰাজ শাসকৰ সৈতে লগ হৈ দেশখনক দুভাগ কৰি দিলে; ধৰ্মৰ ভিত্তিত দ্বিখণ্ডিত কৰিলে। তাৰ পিছত মাত্ৰ এসপ্তাহতে ১ কোটি ৭৫ লাখ মানুহে নিজৰ ঘৰ-বাৰী, সমাজ, গাঁও সকলো এৰি পৰিয়াল-সজ্জন বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈ ভাৰতভূমিলৈ আহিলে। ১০ লাখ লোকৰ মৃত্যু হ’ল। কংগ্ৰেছৰ এই কামবিলাক মানুহক সোঁৱৰাই দিয়াৰ লগতে সেই যে ১০ লাখ আমাৰ নিজৰ মানুহ, আপোন মানুহ অকাৰণে অকালতে স্বৰ্গগামী হ’ল, তেওঁলোকক শ্ৰদ্ধা জনাবলৈ, ভাৰত মাতৃক শ্ৰদ্ধা জনাবলৈ আজি আমি ১৪ আগষ্টৰ দিনটোত বিভাজন বিভীষিকা অনুষ্ঠান কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে; উত্তৰ-পূবৰ পৰা গুজৰাটলৈকে সকলোতে কৰিছোঁ।”- আজি বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে ধুবুৰীত আয়োজিত কেইবাটাও কাৰ্য্যসূচীত অংশ ল’বলৈ অহা ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই এইদৰে কয়। আজি দুপৰীয়া ধুবুৰীৰ আৱৰ্ত ভৱনত স্থানীয় সাংবাদিকৰে হোৱা কথা-বতৰাত সমষ্টি পুনৰ নিৰ্ধাৰণক অসমবাসীয়ে ইতিমধ্যে আদৰণি জনাইছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।তেওঁ কয়-  “আমি এতিয়ালৈকে সমষ্টি পুনৰনিৰ্ধাৰণৰ চূড়ান্ত তালিকাখন সম্পূৰ্ণ ৰূপে অধ্যয়ন কৰা নাই। সামগ্ৰিকভাৱে প্ৰাথমিক যিটো অধ্যয়ন, তাৰ পৰা আমি ক’ব পাৰোঁ- এই সমষ্টি পুনৰ নিৰ্ধাৰণ অসমবাসীৰ হিতৰ বাবে হৈছে।” লগতে মাৰ্ঘেৰিটাই কংগ্ৰেছ আৰু এআইইউডিএফ দলক কটাক্ষ কৰি কয়- “কংগ্ৰেছ আৰু এআইইউডিএফে যেতিয়া বিৰুদ্ধাচৰণ কৰিব যিকোনো এটা কথাত, গম পাব লাগে সেইটো অসমবাসীৰ ভালৰ বাবে হৈছে।” সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত বিজেপিৰ মূলমন্ত্ৰ ‘সব কা সাথ, সব কা বিকাশ’ বুলি উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়- “যিসকল মুষ্টিমেয় লোকে সাম্প্ৰদায়িকতা কৰিছে, যিসকল মুষ্টিমেয় লোকে অসম তথা ভাৰতীয়ত্বৰ লগত সমাহিত হ’বলৈ এতিয়াও কুণ্ঠাবোধ কৰে, যিসকলে সাম্প্রদায়িকতাৰ ৰাজনীতি কৰে, তোষামোদৰ ৰাজনীতি কৰে, সেই মানুহখিনিৰ ভোট সদ্যহতে আমাক নালাগে। কাৰণ তেওঁলোক আমাক বুজি পাবলৈ কিছুদিন সময় লাগিব।”

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like