🔹 প্ৰকৃতিপ্ৰেমী অনুষ্ঠান অৰণ্যমৰ সহযোগত ২২টা গৰু জব্দ
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : সঘন দুৰ্ঘটনা সৃষ্টিৰ মূল কাৰক তথা নিৰীহক অকাল মৃত্যুৰ মুখলৈ ঠেলি অহা উদঙীয়া-গৰাকীবিহীন গৰুৰ বিৰুদ্ধে অৱশেষত হাতে-কামে অভিযান চলালে শিৱসাগৰ পৌৰসভাই ৷ প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী অনুস্থান অৰণ্যমৰ সহযোগত চলোৱা অভিযানকালত আজি পুৱাৰ পৰা দুপৰীয়ালৈকে মুঠ ২২টা উদঙীয়া গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে শিৱসাগৰ জিলাৰ লগতে চহৰ অঞ্চলত বৰ্তমান সময়ত সবাতোকৈ ভয় আৰু আতংকৰ অন্য এক নাম হৈ পৰিছে উদঙীয়া গৰু ৷ একাংশ অবিবেচকী পৰিয়ালে পোহনীয়া গৰু পুৱাতেই গোহালিৰ পৰা পোনে পোনে নগৰৰ মাজমজিয়ালৈ চৰিবলৈ খেদি পঠিয়ায় ৷ পুৱাতেই গোহালিৰ পৰা চহৰৰ বাট-পথত চৰিবলৈ ওলোৱা এই উদঙীয়া গৰুসমূহে চহৰখনৰ মাজমজিয়াত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰি আহিছে ৷ গৰুৰ মাজত দৌৰা-দৌৰীৰ ফলত সঘন দুৰ্ঘটনা সংঘটিত হৈ বহু সম্ভাৱনাময় যুৱকৰ লগতে কেইবাগৰাকীও বয়োজেষ্ঠ নাগৰিক দুৰ্ঘটনাত আহত হোৱাৰ লগতে নিহত হৈছে কেইবাজনো ৷ যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সচেতন ব্যক্তিয়ে নিয়মিত জিলা প্ৰশাসন- পৌৰসভাক উদঙীয়া গৰুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছিল ৷বিশেষকৈ সামাজিক মাধ্যমত এই সন্দৰ্ভত সৰ্বস্তৰৰ ৰাইজে এই স্পৰ্শকাতৰ বিষয়টোক লৈ সততে সৰৱ হৈ পৰাৰ পিছতেই তৎপৰ হৈ পৰিল শিৱসাগৰ পৌৰসভা ৷ পৌৰসভাই বিগত ২৮ জুলাই তাৰিখে প্ৰকাশ কৰা এক ৰাজহুৱা জাননীযোগে ১০ আগষ্টৰ ভিতৰত চহৰৰ মাজমজিয়াত যাতায়াত বাধাগ্ৰস্ত কৰা তথা দুৰ্ঘটনাৰ অন্যতম কাৰক উদঙীয়া গৰুসমূহ নিদিষ্ট পৰিয়ালসমূহক চিনাক্ত কৰি নিজৰ নিজৰ ঘৰলৈ ঘূৰাই নিবলৈ আহব্বান জনাইছিল ৷ ১০ আগষ্ট অন্তিম সময়সীমা ধাৰ্য্য কৰি দিয়া পৌৰসভাই ইয়াৰ পৰৱৰ্তী সময়ত উদঙীয়া গৰুসমূহ জব্দ কৰি গোশালালৈ প্ৰেৰণ কৰিব বুলি স্পষ্ট কৰি দিছিল ৷ চহৰৰ মাজত চৰিবলৈ এৰি দি আন পথচাৰীৰ জীৱনলৈ বিপদ নমাই অনা পৰিয়ালসমূহে পৌৰসভাৰ এই আহ্বানক কোনো গুৰুত্ব আৰোপ নকৰি পূৰ্বৰ দৰেই চহৰৰ মাজমজিয়াত গৰুসমূহ চৰিবলৈ এৰি দি আহিছিল ৷ অৱশেষত উপায়হীন হৈ শিৱসাগৰ পৌৰসভাই আজি দুপৰীয়াৰ পৰা পৌৰসভাৰ দায়িত্বশীল বিষয়া-নিৰাপত্তাৰক্ষীৰ উপস্থিতিত প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্যমৰ কৰ্মকতা সমীৰণ হাতীমুৰীয়া, দিম্পী হাজৰিকা, আকাশ দাস আৰু আফচানা আজিমৰ নেতৃত্বত গঠিত দলটোৱে মুঠ ২২টা উদঙীয়া গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ গৰুসমুহ সম্পূৰ্ণ নিৰাপত্তাৰ মাজেৰে পোনে পোনে গোশালালৈ প্ৰেৰণ কৰিছে ৷ শেহতীয়া বাতৰি মতে, বিয়লি পাঁচ বজাৰ পৰা ওৰে নিশা পৌৰ এলেকাত থকা উদঙীয়া গৰুৰ বিৰুদ্ধে অৰণ্যমৰ অভিযান চলিব বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান