🔹 অভিযুক্ত সুৰেন হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ অধীনৰ এখন গাঁৱত পিতৃসম এজন ব্যক্তিৰ কামনাৰ বলি হ’ল এগৰাকী ১৬ বছৰীয়া নাবালিকা ৷ নাবালিকাগৰাকী বৰ্তমান ৪ মাহৰ অন্তঃসত্ত্বা হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে। উল্লেখ্য যে যোৱা দেওবাৰে সন্ধিয়া মাজুলী থানাৰ অন্তর্গত বনগাঁও আৰক্ষী চকীত অন্তঃসত্ত্বা নাবালিকাৰ মাতৃয়ে তৰা এক গোচৰৰ ভিত্তিত সুৰেন হাজৰিকা নামৰ প্রায় ৫৫ বছৰীয়া এগৰাকী ব্যক্তিক আৰক্ষীয়ে আটক কৰে। এই সন্দৰ্ভত নাবালিকাগৰাকীয়ে সাংবাদিকৰ আগত কোৱা মতে লোকজনে চাৰি মাহৰ পূৰ্বেই নাবালিকাগৰাকীৰ লগত ঘৃণনীয় কাণ্ড সংঘটিত কৰিছিল। নাবালিকাগৰাকীয়ে লোকজনৰ ভয়তে সমগ্র ঘটনা লুকুৱাই ৰখাৰ পিছত বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ পিছত অন্তঃসত্ত্বা হোৱাৰ কথা পোহৰলৈ আহে। প্ৰায়েই লোকজনে নাবালিকাগৰাকীক জোৰজুলুম কৰি অহা বুলিও ভুক্তভোগী নাবালিকাই অভিযোগ কৰে। ইফালে, অভিযুক্ত লোকজনে ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰে। ইফালে, মাজুলী আৰক্ষী থানাত ৭৭/২৩ নম্বৰত ৩৭৬/read with sec 6/pocso act ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক মাজুলীৰ আৰক্ষীয়ে আজি জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰায় আৰু মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্ত লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোকে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড