নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অখণ্ড ভাৰত সংকল্প দিৱস

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটো অখণ্ড ভাৰত সংকল্প দিৱস হিচাপে পালন কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ নামৰ সংগঠনটোৱে। তাৰ সৈতে সংগতি ৰাখি আজি সন্ধিয়া ধুবুৰী চহৰৰ পাঁচমোৰত সংগঠনটোৰ ধুবুৰী নগৰ কমিটীৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্য্যসূচী। অখণ্ড ভাৰত সংকল্প দিৱসৰ এই বিশেষ কাৰ্য্যসূচীত ভাৰতবৰ্ষৰ সুপ্ৰাচীন ইতিহাস আৰু কিদৰে লাহে লাহে এসময়ৰ সেই বিশাল ভাৰতভূমি খণ্ড-বিখণ্ড হৈ বৰ্তমানৰ ভৌগোলিক সীমালৈ সংকুচিত হৈছে, তাৰ ওপৰত এখন মনোগ্ৰাহী চুটি তথ্যচিত্ৰ প্ৰদৰ্শিত হয়। উল্লেখ্য যে আজি সন্ধিয়া সংগঠনটোৰ ধুবুৰীৰ বালুৰচৰস্থিত কাৰ্য্যালয় সীমান্ত ভৱনকে ধৰি চহৰখনৰ ৪নং ৱাৰ্ডৰ পালপাৰাৰ উপৰি বিভিন্ন ৱাৰ্ডত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটীৰ উদ্যোগত অনুষ্ঠিত হোৱা অখণ্ড ভাৰত সংকল্প দিৱসৰ বিভিন্ন কাৰ্য্যসূচীত অঞ্চলবোৰৰ স্থানীয় ৰাইজে স্বতঃস্ফূর্তভাৱে ওলাই আহি অংশ লোৱা দেখা যায়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like