নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাট-ভূৰাগাঁৱত স্বাধীনতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : সমগ্ৰ দেশৰ লগতে মৰিগাঁbৰ লাহৰীঘাট আৰু ভূৰাগাঁৱতো উলহ মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস। জিলাখনৰ ভূৰাগাঁও ৰাজহচক্ৰৰ কাৰ্যালয়ত উলহ-মালহেৰে উদযাপন কৰা হয় দেশৰ স্বাধীনতা দিৱস। পুৱা দেশপ্ৰেমমূলক গীত মাতৰ প্ৰচাৰ, শিক্ষক ছাত্র-ছাত্ৰী আৰু ৰাইজৰ সমাৱেশ। তাৰ পিছত ৰাষ্ট্ৰীয় পতাকা পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই। বিশ্ব বিজয়ী ন-জোৱান শীৰ্ষক গীতি নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্ৰী, শিক্ষক সমাজ আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়তো স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ইফালে বিভিন্ন বিদ্যালয় সমূহত বাৰেৰহণীয়া কাৰ্যসূচীৰ স্বাধীনতা দিৱস উদযাপন কৰে। টেঙাগুৰি জাতীয় বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

প্ৰেৰক আবুল কালাম

You might also like