নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত স্বাধীনতা দিৱস উপলক্ষে কিতাপৰ টোপোলা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ মৰিগাঁও জিলা সাহিত্য সভা আৰু ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদ্ যাপন কৰা হয়। সেই অনুসৰি ১৫ আগষ্টৰ পুৱা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি স্বাধীনতা সংগ্ৰামৰ দীঘলীয়া ইতিহাসৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। অনুষ্ঠানত জাগীৰোড স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰমোহন কলিতা, মৰিগাঁও জিলা সাহিত্য সভাৰ গৱেষণা উপ: সমিতিৰ সভাপতি ড° খগেন শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ ডেকা, জাগীৰোড শাখা সাহিত্য সভাৰ সভাপতি প্ৰভাত বৰাই বক্তব্য আগবঢ়ায়। অনুষ্ঠানত উপস্থিত সকলোৱে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাৰ লগতে পঞ্চ সংকল্প গ্ৰহণ কৰে। মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড° অচ্যুত কুমাৰ দাস আৰু শিক্ষক ৰাজীৱ চহৰীয়াই আঁত ধৰা অনুষ্ঠানটিত মৰিগাঁও জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক কুশল বৰা, কাৰ্যালয় সম্পাদক খগেন বৰা, জিলা কাৰ্যনিৰ্বাহক সদস্য নিকুঞ্জ মোহন শৰ্মা, জাগীৰোড স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰা, জাগীৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেল, ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় দেৱনাথ, জাগীৰোড শাখা সাহিত্য সভাৰ উপ: সভাপতি অনিৰুদ্ধ ডেকা, সদস্য জগমোহন কলিতা, দীগেন কলিতা,কৃষ্ণ লাল শৰ্মা, বিভা ভাগৱতী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে বিদ্যালয় কৰ্তৃপক্ষক মৰিগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধী আৰু ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ আলোকচিত্ৰৰ লগতে কিতাপৰ টোপোলা প্ৰদান কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কেইবাটাও দেশপ্ৰেমমূলক গীতত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি সুৰীয়া কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like