নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বগা বঙালক অহিংস আন্দোলনেৰে খেদি দেশত স্বৰাজ প্ৰতিষ্ঠাৰ বাবে চৰম আত্ম ত্যাগ-বলিদান আগবঢ়োৱা মুক্তি যুঁজাৰু সকলে শিৱসাগৰত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচী বৰ্জন কৰাৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।যি সময়ত ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামীসকলক যথাবিহিত সন্মান প্ৰদানৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে সেই সময়তেই শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা লাভ কৰা চূড়ান্ত অৱহেলাত ক্ষোভিত হৈ জিলাখনৰ জীৱিত ১৮গৰাকীকৈ নব্বৈ ঊৰ্ধৰ স্বাধীনতা সংগ্ৰামীয়ে শিৱসাগৰ জিলা প্ৰশাসনে বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী বৰ্জন কৰাক লৈ এতিয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বৰাজ প্ৰতিস্থাৰ বাবে জীৱনৰ সোণালী সময় ত্যাগ কৰা এই সকল লোকক আজিৰ স্বাধীন দেশৰ প্ৰশাসনিক ব্যৱস্থাই উপহাৰ স্বৰেপে প্ৰদান কৰা অপমান- উপেক্ষাত ক্ষোভিত হৈ পৰিছে এই সকল মুক্তিযোদ্ধা। আনহে নালাগে শিৱসাগৰ জিলা মুক্তিযুঁজাৰুসকলে এই বিষয়ত ৰাজ্য চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে।স্বাধীনতা দিৱসত অংশ গ্ৰহণৰ পৰা বিৰত থকা এই সকল মুক্তিযুঁজাৰুৱে আজি সংবাদ মাধ্যমৰ আগত কান্দি কান্দি নিজৰ দুখ প্ৰকাশ কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ এই নিন্দনীয় কাৰ্য্যত চৰম ভাৱে অপমানিত হোৱা ৯৭ বছৰীয়া খনিৰাম মিলিয়ে সংবাদ মাধ্যমৰ সন্মুখতেই হুক হুকাই কান্দি নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে ৷এই সন্দৰ্ভত শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক ধীৰেন চেতিয়াই সংবাদ মাধ্যমৰ সন্মুখত উত্থাপন কৰিছে বিস্তৃত অভিযোগ। যোৱা জুন মাহৰ ১৫ তাৰিখে গুৱাহাটী ৰূপনগৰস্থিত স্বতন্ত্ৰ ভৱনত শ্বহীদ কুশল কোঁৱৰৰ ৮০সংখ্যক মৃত্যু দিৱস উপলক্ষে ভাৰতৰ ২৩খন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা অনুস্থিত হৈছিল ৷ এই গুৰুত্বপূৰ্ণ সভাখন আয়োজন কৰিছিল অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু ৰাজ্য চৰকাৰৰ যুটীয়া সহযোগত গৃহ আৰু ৰাজনৈতিক বিভাগে৷ সভাখনৰ তদাৰকৰ দায়িত্বত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ যিখন সভাত দেশৰ ২৩খন ৰাজ্যৰ মুঠ ১৫০গৰাকী মুক্তিযুঁজাৰু আৰু পৰিয়ালবৰ্গ উপস্থিত আছিল ৷ ৰাজ্যৰ বৰেণ্য জেষ্ঠ ১০গৰাকীকৈ মুক্তিযোদ্ধাক গুৱাহাটীৰ পঞ্চ তাৰাকা যুক্ত হোটেল তাজ ডিভান্টাত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ আন জিলাৰ লগতে শিৱসাগৰ জিলাৰ আয়ুক্তলৈও এইক্ষেত্ৰত মুক্তিযুঁজাৰুসকলক গুৱাহাটীলৈ অহা-যোৱাৰ ক্ষেত্ৰত পৰ্য্যাপ্ত ব্যৱস্থা গ্ৰহণৰ লগতে এগৰাকীকৈ ন”ডেল অফিচাৰ নিয়োগ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল৷ এই নিৰ্দেশনাৰ ভিত্তিতেই উক্ত সন্মিলনত অংশ গ্ৰহণৰ বাবে পাঁচগৰাকীকৈ মুক্তিযোদ্ধা আৰু ৪গৰাকীকৈ সন্মিলনীৰ কৰ্মকতাই গুৱাহাটীলৈ যাবৰ বাবে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰে৷ কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে দেশত স্বৰাজ প্ৰতিস্থা কৰা এই সকল নব্বৈ উৰ্ধৰ স্বাধীনতা সংগ্ৰামীক চৰম ভাৱে অপমানিত কৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ে গাড়ী, ন’ডেল অফিচাৰ আদি কোনো সুবিধাই উপলদ্ধ নকৰালে৷ যাৰ বাবে ক্ষোভ-লাজ-অপমানে জৰ্জৰিত নব্বৈ ঊৰ্ধৰ এইসকল মুক্তি যুঁজাৰুৱে নৈশ বাছত গুৱাহাটীলৈ যাত্ৰা কৰিব লগীয়া হল ৷চূড়ান্ত দুৰ্গতিৰ মাজেৰে নব্বৈ উৰ্ধৰ মুক্তি যুঁজাৰু কেইগৰাকীয়ে এই উৎকত গৰমত ১৫ জুনৰ গুৱাহাটীৰ সভাত অংশ গ্ৰহণ কৰি পুনৰ নৈশ বাছেৰে শিৱসাগৰলৈ উভতি অহাৰ সময়ত নৈশ বাছত অসুস্থ হৈ পৰাৰ লগতে এগৰাকী ৯৮ বছৰীয়া মুক্তি যোদ্ধাৰ কাপোৰে কানিয়ে প্ৰসাৱ হৈ যোৱাৰ দৰে চৰম মৰ্মান্তিক ঘটনাও সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে জিলা মুক্তি যুঁজাৰু সন্মিলনীয়ে ৷ ইফালে যোৱা ৯ আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন শীৰ্ষক কাৰ্য্যসূচী শিৱসাগৰ জিলা মুক্তি যোদ্ধা সন্মিলনীৰ কাৰ্য্যালয়ত আয়োজিত হোৱাৰ দিনাই আগন্তক ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ইয়াৰ পিছতেই ১১ আগষ্টৰ দিনা জিলা মুক্তি যুঁজাৰু সন্মিলনীয়ে,জিলা প্ৰশাসনে কেন্দ্ৰীয় ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীলৈ নিমন্ত্ৰণ জনোৱা সকলো ধৰণৰ নিমন্ত্ৰণী পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ঘূৰাই দি ১৫ আগষ্টৰ কেন্দ্ৰীয় কাৰ্য্যসূচী সম্পূৰ্ণৰূপে বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷আচৰিত ধৰণে দেশ স্বাধীনতাৰ ৭৭ তম বৰ্ষপূৰ্তিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসত স্বাধীনতা আজুৰি অনা চিৰ নমস্য মুক্তি যুঁজাৰু সকল সম্পূৰ্ণৰূপে অনুপস্থিত থকাৰ চৰম দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হল ৷যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এই ভয়ংকৰ – নিন্দনীয় কাৰ্য্যৰ লগত জড়িত প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনোৱাৰ লগতে এক নিৰপেক্ষ তদন্তৰো দাবী উত্থাপন কৰিছে ৷উল্লেখ কৰাৰ প্ৰয়োজন যে, স্বৰাজ প্ৰতিস্থা কৰা মুক্তি যুঁজাৰুৰ অনুপস্থিতিত কেন্দ্ৰীয় কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদাণ কৰা জিলা আয়ুক্ত গৰাকীয়ে মুক্তি যোদ্ধা সকলৰ অনুপস্থিতিক কিঞ্চিত অনুধাৱন কৰিব নোৱাৰাৰ ঘটনাই কাৰ্য্যত প্ৰশাসনীক বৰমূৰীয়াৰ অহং মনোভাৱহে প্ৰকট কৰি তুলিছে বুলি সৰৱ চৰ্চা চলিছে শিৱসাগৰত।
প্ৰেৰক আশ্ৰফুৰ ৰহমান