নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ সুৰাসক্ত দুই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ। আধা কেজি মাংসক লৈয়ে সংঘাত আৰু অৱশেষত নিৰ্মম হত্যাকাণ্ড। ঘটনাৰ বিবৰণী অনুসৰি, মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ২নং আলুবাৰীৰ ভুজিয়া গাঁৱৰ লক্ষীন্দ্ৰ ঠাকুৰে আধা কেজি ব্ৰইলাৰ মাংস বজাৰৰ পৰা ক্ৰয় কৰি আনিছিল মঙলবাৰে নিশা। ভায়েক গণেশ ঠাকুৰে মাংসখিনি চুৰি কৰি নি খুড়াক অভি ঠাকুৰৰ ঘৰত মাংসখনি ৰন্ধন কৰিছিল। এই কথা জানিব পাৰি ককায়েক ক্ষুব্ধ হৈ পৰে আৰু এই কৰ্মৰ বাবে ভায়েকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। এই তৰ্কাতৰ্কি গৈ হতাহতিলৈ ৰূপান্তৰ হয়। ভায়েক গনেশ থাকুৰ আৰু খুৰাকৰ পুত্ৰ কৃষ্ণ থাকুৰে ককায়েক লক্ষীন্দ্ৰৰ থাকুৰক বাঁহ আৰু কাঠৰ টুকুৰাৰে হানি খুচি মৰিয়াই মৰিয়াই নিশা প্ৰায় ১ বজাত হত্যা কৰে। বুধবাৰে পুৱা স্থানীয় ৰাইজে এই বিষয়ে জানিব পাৰি দুই হত্যাকাৰী ক্ৰমে গনেশ ঠাকুৰ আৰু কৃষ্ণ ঠাকুৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় লোকে অঞ্চলটোত অবৈধ চুলাই মদকে ধৰি বিভিন্ন মাদক দ্ৰব্য মুক্ত বেহাৰৰ বাবেই এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে। ৰাইজে শীঘ্ৰে মাদ্ৰক দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।
প্ৰেৰক মানস প্ৰতিম গগৈ