নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ গলিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গলিয়াত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত ৪৪ বাছ যাত্ৰী আহত হয়। জানিব পৰা মতে এ এচ-০১ জি চি-৫০৪০ নম্বৰৰ ‘মা অম্বিকা’ নামৰ যাত্ৰীবাহী বাছখনে গুৱাহাটীৰ পৰা বৰপেটাৰোড অভিমুখে গৈ আছিল। তীব্ৰ বেগী বাছখনে গলিয়াৰ টোল প্লাজাত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচন্ড জোৰে খুন্দা মাৰে। ফলত বাছখনৰ সন্মুখভাগ বিধ্বস্ত হোৱাৰ লগতে ৪৪ যাত্ৰী আহত হয়। আহত যাত্ৰীসকলৰ অধিকাংশককে ভৱানীপুৰ সামূহিক চিকিৎসালয়লৈ নি প্ৰথমিক চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি ৮গৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইয়াৰে নলবাৰীৰ অনুৰূপ বড়ো (৬৬) আৰু বঙাইগাঁৱৰ আমিৰ হুছেইন (৫৫) নামৰ লোক দুগৰাকী গুৰুতৰ ভাৱে আহত হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like