নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত নিচাসক্তৰ আক্ৰমণত আহত ৭৪ বছৰীয়া বৃদ্ধ

বিশেষ বাৰ্তা,  ১৬ আগষ্ট : নগাঁও চহৰৰ বিভিন্ন স্থানত ড্ৰাগছ,  নিচাযুক্ত দ্ৰব্য আদিৰ পয়োভৰ বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ একাংশ নিচাসক্ত যুৱকৰ অতপালিয়ে  সাধাৰণ নাগৰিকক শংকিত কৰি তুলিছে । গুৰু-গোসাঁই নমনা এই উদণ্ড নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি হৈছে চহৰখনৰ ব্যৱসায়ীকে ধৰি ভালেসংখ্যক লোক। কালি নিশা নগাঁও চহৰৰ আমোলাপট্টিস্থিত সাৰ্বজনীন শ্মশানঘাট কালী মন্দিৰত অনুষ্ঠিত কালীপূজাস্হলীত এজন নিচাসক্ত যুৱকৰ আক্ৰমণত এগৰাকী ৭৪ বছৰীয়া বৃদ্ধ আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জানিব পৰা মতে, কালী পূজাস্হলীত পূজাৰ ভোগ প্ৰস্তুত কৰা এজন কাৰিকৰৰ লগত স্হানীয় জান ৰজক নামৰ এজন যুৱকৰ কাজিয়া লাগে আৰু যুৱকজনে কাৰিকৰজনক প্ৰহাৰ কৰে। আনহাতে, দীনেশ কলিতা নামৰ ৭৪ বছৰীয়া ব্যক্তিজনে দুয়োৰে মাজত সৃষ্টি হোৱা কাজিয়া ভাঙিবলৈ যাওঁতে জান ৰজক নামৰ উদণ্ড যুৱকজনে কলিতাক বেয়াকৈ চৰ-ঘোচা শোধোৱাৰ লগতে মাটিত বগৰাই লৈ ভৰিৰে গচকি প্ৰহাৰ কৰে। যুৱকজনৰ আক্ৰমণত বৃদ্ধগৰাকী আঘাতপ্ৰাপ্ত হয় । আক্ৰমণকাৰী  জান ৰজক নামৰ যুৱকজন নিচাসক্ত অৱস্থাত থকা বুলি ঘটনাস্হলীত উপস্থিত থকা একাংশ লোকে অভিযোগ কৰে। কালী মন্দিৰৰ দৰে এক পৱিত্ৰ স্থানৰ চৌহদত এগৰাকী বৃদ্ধ লোকক নিচাসক্ত উদণ্ড যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আনহাতে, জান ৰজক নামৰ উদণ্ড যুৱকজনৰ বিৰুদ্ধে ভুক্তভোগী দীনেশ কলিতাই ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ।
প্ৰেৰক কনক হাজৰিকা
You might also like