নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : শিৱসাগৰ জিলাৰ আমগুৰিৰ সমীপৰ নামতি খৰঙি খনিকৰ গাঁৱত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই থকা বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ একাংশ লোকৰ গোহালিৰ পৰা গৰু, ম’হ, গঁৰালৰ পৰা ছাগলী আদি বধ কৰি নি নাহৰফুটুকীকেইটাই গাঁওবাসীৰ একপ্ৰকাৰ নিদ্ৰাহৰণ কৰিছে। বাঘৰ ভয়ত এতিয়া গঞা ৰাইজে সন্ধিয়া অকলশৰে ফুৰিবলৈ যোৱও বন্ধ কৰিব লগা হৈছে । ৰাইজে এই সম্পৰ্কে ইতিমধ্যে বন বিভাগক অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰা নাই। অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ পৰা ৰাইজক সুৰক্ষা দিয়াৰ বাবে সংশ্লিষ্ট বিভাগক শীঘ্ৰে ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।
প্ৰেৰক দেৱানন্দ কলিতা