নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ অভিযোগ

নিয়মীয়া বাৰ্তা , ১৭ আগষ্ট : মাজুলী-লক্ষীমপুৰ সীমান্তৰ লুইত খাবলো পঞ্চায়তৰ অন্তৰ্গত যোগীবাৰী ললিতিমৰাং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নীলকান্ত দলেৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলিছে বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ নামত অহা চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়লৈ অহা চাউল বিক্ৰী কৰাৰ লগতে নিজ ইচ্ছা অনুসৰি ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে মধ্যাহ্ন ভোজন। কেৱল মধ্যাহ্ন ভোজনৰ চাউলেই নহয়, বিদ্যালয়লৈ দান কৰা আলমিৰা, বাকচেৰে শুৱনি  কৰিছে নিজৰ ঘৰ এইগৰাকী শিক্ষকে। নিজৰ ইচ্ছা অনুসৰি বিদ্যালয়ত উপস্থিত থাকে শিক্ষকগৰাকী। ইফালে, প্ৰায় ৬৪গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত প্ৰধান শিক্ষকজনকে ধৰি তিনিগৰাকী মাত্ৰ শিক্ষক। ইফালে, প্ৰধান শিক্ষকজনৰ অনিয়মীয়া উপস্থিতিৰ বাবে দুজন শিক্ষকে চলাই আহিছে বিদ্যালয়খন। এগৰাকী শিক্ষক এপ্ৰিল মাহৰ পৰাই অনুপস্থিত বিদ্যালয়ত, সহঃ শিক্ষকো জ্ঞাত নহয় এই সম্পৰ্কত। এনেদৰেই চলিছে এতিয়া মাজুলী-লক্ষিমপুৰৰ সীমামূৰীয়া বিদ্যালয়খন।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like