চন্দ্রপুৰত বন বিভাগৰ অভিযানঃ অবৈধ বালি মহল ছীল
নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ৰাজ্য চৰকাৰৰ বন বিভাগক ৰাজহ ফাঁকি দি ব্রহ্মপুত্রৰ বুকুত অবৈধভাৱে স্থাপন হোৱা খাদনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বন বিভাগ ৷ গুৱাহাটী বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নির্দেশমর্মে চন্দ্রপুৰ খণ্ড বন বিষয়া ধ্রুৱজ্যোতি শর্মাৰ নেতৃত্বত আঞ্চলিক বন বিষয়া কার্যালয়ৰ একাংশ কর্মচাৰীৰ দলে শনিবাৰে হঠাৎ চন্দ্রপুৰ অঞ্চলত এক অভিযান চলায় ৷ অভিযানকালত অভিযানকাৰী বন বিভাগৰ দলটোৱে হাজোংবড়িৰ নেপালীবস্তিত এটা অবৈধ বালি খাদন থকাৰ তথ্য লাভ কৰে ৷ বন বিভাগৰ দলটো উক্ত স্থানত উপস্থিত হৈ বালি খাদনটোলৈ যাতায়াত কৰিব পৰা পথটোৰ সন্মুখভাগত জেচিবিৰ সহায়ত খান্দি দিয়ে আৰু বালি খাদনটো ছীল কৰে ৷ বন বিভাগৰ লোকৰ পৰা জানিব পৰা মতে, কোনো এটা অসাধু চক্রই ৰাজহ ফাঁকি দি গোপনে ব্রহ্মপুত্রৰ বুকুত বালি খাদন স্থাপন কৰি নিশাৰভাগত ডাম্পাৰ, ডিআই ভানেৰে বালি–মাটি সৰবৰাহ কৰি থকাৰ এক তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিতে অভিযান চলাই বালি খাদনটো ছীল কৰে ৷ অভিযানকাৰী দলটোত নাৰেংগী খণ্ড বন কার্যালয়ৰ খণ্ড বন বিষয়া আব্দুল ৰচিদ, পাঞ্জাবাৰী বন কার্যালয়ৰ খণ্ড বন বিষয়া হেমন্ত অধিকাৰী, হেঙেৰাবাৰী খণ্ড কার্যালয়ৰ খণ্ড বন বিষয়া প্রভাত বর্মনৰ লগতে কেইবাজনো বন কর্মচাৰী উপস্থিত আছিল ৷