নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত খহিল চিকিৎসালয় গৃহৰ ছাদ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : ৰাজ্যত স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন হ’ল, প্ৰতিষ্ঠা কৰা হ’ল কেইবাখনো চিকিৎসা মহাবিদ্যালয়, উন্নীত হ’ল বহু গ্ৰাম্য চিকিৎসালয় | পিছে কামৰূপৰ নগৰবেৰাত জহি-খহি যাবলৈ ধৰিছে চিকিৎসালয় গৃহ, জৰাজীৰ্ণ হৈ পৰিছে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ গৃহ | স্বাস্থ্যকেন্দ্ৰৰ গৃহৰ পকী খুঁটা ,পকী বেৰ সকলোতে বৃহৎ বৃহৎ ফাট মেলিছে | আনকি পকী অট্টালিকাৰ ছাদৰ বিভিন্ন স্থানত ফাট মেলাৰ সমান্তৰালকৈ খহিও যাবলৈ ধৰিছে | দুদিনমানৰ পূৰ্বে ছাদৰ কিছু অংশ খহি ’লেবাৰ ৰুম’ৰ সন্মুখভাগত পৰি যায়, সৌভাগ্যক্ৰমে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মূৰত নপৰিল। আনহাতে, ভূঁইকঁপ আদি একো নোহোৱাকৈ ছাদ খহি পৰাৰ কাণ্ড সংঘটিত হোৱাত সকলোৰে মাজত হুৱাদুৱা লাগে | স্মৰ্ত্তব্য যে বিগত ১৯৭৯ চনৰ ২৯ নৱেম্বৰত পশ্চিম কামৰূপৰ লক্ষাধিক লোকক চিকিৎসা আৰু স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে স্থাপিত নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বৰ্তমানৰ ভৱনটি কালৰ সোঁতত জহি-খহি যাবলৈ লোৱাত আৰু ন্যূনতম মেৰামতিৰ দিহা নকৰাৰ ফলত স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপটো একপ্ৰকাৰ প্ৰকট হৈ পৰিছে নগৰবেৰাত | ঘটনাৰ দিনা নগৰবেৰা চিকিৎসালয়ত ৰোগী আৰু ৰোগীৰ আত্মীয়ই ভিৰ কৰিছিলহে মাত্ৰ ,হঠাৎ লেবাৰ ৰুমৰ সন্মুখ ভাগৰ ছাদৰ কিছু অংশ নিজে নিজে খহি পৰে | আজিকোপতি চিকিৎসালয়খনৰ কোনোধৰণৰ উন্নয়নৰ কথা চৰকাৰে বিবেচনাই নকৰা বুলিও ৰাইজৰ অভিযোগ| একেদৰে চিকিৎসালয়খনত চিকিৎসা-পাতিৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা, সা-সুবিধাৰ ক্ষেত্ৰতো তেনেই দুখজনক অৱস্থা | তেনেস্থলত অঞ্চলবাসী ৰাইজ তথা ভুক্তভোগীয়ে শীঘ্ৰে এইক্ষেত্ৰত সময়োচিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক স্বাস্থ্যসেৱাৰ ন্যায্যতা দিয়াৰ আহ্বান জনাইছে। স্বাস্থ্য বিভাগে জনবহুল অঞ্চলটোৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক শীঘ্ৰে ১০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰিলেহে ৰাইজে সঁচা অৰ্থত চিকিৎসা সেৱাৰ সুফল লাভ কৰিব বুলি সকলোৰে আশা কৰিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like