বিশেষ বাৰ্তা, ১৭ আগষ্টঃ নিৰ্বাচনমুখী একত্ৰিত বিৰোধীৰ অন্যতম অংশ ৰাইজৰ দলে মিত্ৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। কাৰ্যতঃ কংগ্ৰেছ ৰাইজৰ দলৰ সংঘাত স্পষ্ট হৈ পৰিছে। কিয়নো এইবাৰ অখিল গগৈয়ে আক্ৰমণ কৰিলে কংগ্ৰেছক। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাম নোলোৱাকৈ অখিল গগৈয়ে সমালোচনামুখৰ হৈ পৰে। এই সমালোচনাৰ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ। সমষ্টি পুনঃনির্ধাৰণত কংগ্ৰেছৰ দুই এজন নেতাৰ ভূমিকা সন্দেহজনক বুলি আখ্যা দিয়ে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। সেই ফালৰ চালে বিৰোধী জোঁটত আৰম্ভণিতেই মেলিছে ফাঁট। এই ফাট কিদৰে মষিমূৰ হব সেয়া সময়ৰ কথা। ইফালে অখিল গগৈৰ এই মন্তব্য পিছতে দেৱব্ৰত শইকীয়াই কয়, অখিল গগৈ বিৰোধী জোঁটত থাকি এইবোৰ কব নালাগিছিল। তেওঁ কয় যে অখিল গগৈৰ বিৰুদ্ধে APCC সভাপতিক অভিযোগ দিয়া হব। ইফালে অখিল গগৈয়ে কংগ্ৰেছক আক্ৰমণ কৰাৰ পিছতেই আজি কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে।