নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ধুনীয়া অফিচত ঘুনীয়া হৈছে মানুহ : ভূপেন বৰা

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ আজি ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি ভূপেন বৰা লগতে সাংসদ-বিধায়কসকল উপস্থিত থাকে। উক্ত বৈঠকৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এই বৈঠকত আলোচনা কৰা হয়। তেওঁ কয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম। সেয়ে সমষ্টি পুনৰ নিৰ্ধাৰণক বিশেষ সমিতি গঠন কৰা হয় বৈঠকত। জ্যেষ্ঠ আইনজীৱী কপিল চিব্বালৰ জৰিয়তে ন্যায়িক যুজঁ অব্যাহত থাকিব বুলি জনায় বৰাই। ভূপেন বৰাৰ আশা- সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ জৰিয়তে বৰ্তমান কংগ্ৰেছ ৯জন সাংসদ জিকাই আনিব পৰা অৱস্থাত আছে। তেওঁ জনায় যে অহা অক্টোবৰত মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত গুৱাহাটীত অনুষ্ঠিত হব বিশাল বুথসভা। সভাতে নাৰী সুৰক্ষাৰ বাবে বিশেষ কমিটী গঠন কৰে কংগ্ৰেছে। ইফালে বিজেপিক সমালোচনা কৰি বৰাই কয়, বিজেপিৰ ধুনীয়া অফিচৰ ভিতৰত ঘুনীয়া হৈছে মানুহ। লগতে তেওঁ জনায়, অক্টোবৰ মাহত কংগ্ৰেছ বিধায়কবিহীন ৩০টা বিধানসভা সমষ্টিত ৰেলী কৰিব কংগ্ৰেছে।

You might also like