নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ নলবাৰীৰ টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি দালাল আৰু লাট মণ্ডলৰ দুৰ্নীতিৰ বেহাৰ অভিযোগৰ পিছত আজি দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে এগৰাকী লাট মণ্ডল আৰু এগৰাকী মধ্যস্থতাকাৰী দালাল। প্ৰাপ্ত তথ্যমতে টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সুৰাদী-আখৰা এলেকাৰ লাট মণ্ডল দেৱাশীষ বৰ্মনে এক মাটি সংক্ৰান্তীয় কামৰ বাবে পক্ষৰ পৰা দুই লাখ টকা উৎকোচ বিচাৰে। পিছত এক লাখ ৪০ হাজাৰ টকাত এই কামৰ বুজাবুজি সম্পন্ন হয় । আজি লাট মণ্ডল দেৱাশীষ বৰ্মনৰ কথামতে উল্লেখিত কামৰ বাবে বাবদ বুজাবুজি হোৱা ধনৰ পাঁচ হাজাৰ টকা মধ্যস্থতাকাৰী তথা দালাল নয়ন বৰ্মনে গ্ৰহণ কৰে। উল্লেখ্য যে নয়ন বৰ্মনে তেওঁৰ টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত থকা ‘বৰ্ণিল ডিজিটেল চেন্টাৰ’ নামৰ কম্পিউটাৰ প্ৰতিষ্ঠানখনত এই ধন গ্ৰহণ কৰিছিল। পিছত অভিযোগকাৰীৰ অভিযোগ তথা সাক্ষী সহিতে পিছত দুপৰীয়া দুৰ্ণীতি নিবাৰক শাখাই হাতে-লোটে উৎকোচ লোৱাত নয়ন বৰ্মন আৰু লাট মণ্ডল দেৱাশীষ বৰ্মনক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে এ চি বি পি এচ’ত ৬৪/২০২৩ নম্বৰ গোচৰ ৰুজু কৰে।
প্ৰেৰক গুণজিৎ কলিতা