নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ খতিয়ান বিচাৰি দিনজোৰাকৈ ডিফুত ৰাজ্যপাল

বিশেষ বাৰ্তা, ১৭ আগষ্ট : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ কাৰ্বি আংলঙত সঠিকভাৱে ৰূপায়ন হৈছে নে নাই সেই বিষয়ে বুজ ল’বলৈ ডিফুত উপস্থিত হোৱা ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্যসকলৰ উপৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ খতিয়ান লয়। বহু হিতাধিকাৰীৰ সৈতেও ৰাজ্যপালগৰাকীয়ে আলোচনাত মিলিত হৈ সন্তোষ ব্যক্ত কৰে। ৰাজ্যৰ তিনি পাহাৰীয়া জিলাৰ স্বায়ত্ত শাসিত ৰাজ্য দাবী প্ৰসংগতো ৰাজ্যপালে মন্তব্য কৰি বিষয়টো বিচাৰাধীন হৈ থকা বুলি কয়। কাৰ্বি আংলঙৰ অসম-নগালেণ্ডৰ সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পথ ওলাব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে। আজি পুৱাৰ ভাগতে এদিনীয়া ভ্ৰমণসূচীলৈ পাহাৰীয়াজিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছেহি অসমৰ ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়া ৷ গুৱাহাটীৰ পৰা জেড প্লাছ নিৰাপত্তাৱেষ্টনীৰ মাজত উজনিমুৱা জনশতাব্দী ৰেলৰ জৰিয়তে পুৱা দহ বজাত ডিফু ৰেলষ্টেচনত উপস্থিত হয় ৰাজ্যপালগৰাকী৷ ডিফু ৰেল ষ্টেচনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য  ডঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙে ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়াক উষ্ম আদৰণি জনায় ৷ ডিফু ৰেলৱে চৌহদত কাৰ্বি আংলং আৰক্ষীয়ে প্ৰদৰ্শন কৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে৷ পাছত, ৰাজ্যপালগৰাকীয়ে ডিফুত কাৰ্বি আংলং জিলা প্ৰশাসন-আৰক্ষী প্ৰশাসনৰ স’তে আইন-শৃংখলা সন্দৰ্ভত এক সভাত অংশ গ্ৰহণ কৰে | কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সাংসদ, বিধায়ক আৰু পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া-কৰ্মীৰ স’তে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷  ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ডিফুত উপস্থিত হোৱা ৰাজ্যাপাল কাটাৰিয়াই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নেতৃত্ব আৰু বিভাগীয় বিষয়াসকলৰ লগত জিলাখনৰ প্ৰগতিৰ খতিয়ান লয় ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহ সঠিক ভাবে ৰূপায়িত হৈছে নে নাই তাৰো ৰাজ্যপালগৰাকীয়ে বিষয়াসকলৰ পৰা আৰু হিতাধিকাৰীৰ পৰা বুজ লয় ৷ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগত ৰাজ্যপালগৰাকীয়ে কিছু সময় আলোচনা কৰে ৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যপালগৰাকীয়ে উন্নয়ন সঠিক দিশতে হোৱা বুলি কয় ৷ আনহাতে, ৰাজ্যৰ সমষ্টি পুণৰগঠন নিৰ্বাচন আয়োগৰ কৰ্তৃত্বৰ বিষয় বুলি মন্তব্য কৰে ৷ সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰাৰ লগতে স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীটো পুৰণি আৰু আলোচনা চলি থকা  বুুলি মন্তব্য কৰে | ৰাজ্যপালগৰাকীয়ে পৰিষদৰ গেষ্ট হাউছত কিছু সনয় জিৰণি লোৱাৰ পাছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হৈ পুণৰ নামনিমুৱা জনশতাব্দী ৰেলযোগে গুৱাহাটীলৈ ৰাওনা হয়।
প্ৰেৰক ৰাজু কাঠাৰ
You might also like