নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত জব্দ য়াবা টেবলেট : সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ বঙাইগাঁৱৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ২৭ নংৰাষ্ট্ৰীয় ঘাইপথৰ শাকতলাত আৰক্ষীৰ অভিযান।গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই পঞ্চাশ লক্ষাধিক টকা মূল্যৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰীক।চাৰি সৰবৰাহকাৰী ক্ৰমে মণিপুৰৰ আবদুল মতলেপ (২৭), আলতাব হুছেইন (২৩), জিয়াউৰ ৰহমান (৩৩) আৰু পশ্চিমবঙ্গৰ দিনহাটাৰ হাফিজুৰ ৰহমান (৩৩)। সৰবৰাহকাৰী কেইটাই AS 01U 1600 নম্বৰৰ মাৰুতি এল্টো বাহনখনেৰে ডিমাপুৰৰ পৰা পশ্চিমবঙ্গলৈ লৈ গৈ আছিল টেবলেটসমূহ। মাৰুতি কাৰখনৰ টেলৰ টেংকিত গোপন চেম্বাৰ বনাই ভৰাই লৈ আহিছিল টেবলেটসমূহ।টেংকিটোত ৪৪ হেজাৰ য়াবা টেবলেট কঢ়িয়াই আনিছিল। জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য পঞ্চাশ লক্ষাধিক টকা। শাকতলাৰ আই ফুৱেল চাৰ্ভিছত তেল ভৰাই থকা অৱস্থাত গেৰুকাবাৰী আৰক্ষীয়ে টেবলেটসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীকেইটাক। আৰক্ষীয়ে গাড়ী মেকানিকৰ জৰিয়তে টেংকি কাটি উদ্ধাৰ কৰে টেবলেটখিনি। পাছত ঘটনাস্থলীত মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহা উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জব্দকৃত য়াবা টেবলেটখিনিৰ ওজন ৪.৮৯৭ কিলোগ্ৰাম।

You might also like