নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ‘পথাৰ আমাৰ, বজাৰ আমাৰ’ এই উদ্দেশ্য আগত ৰাখি খেতিৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱাৰ উদাহৰণ দাঙি ধৰাৰ এক চেষ্টাত নিমজ্জিত হৈছে চৰাইদেউ জিলাৰ দুগৰাকী উদীয়মান যুৱক। অসমীয়া মানুহ বিশেষকৈ যুৱচাম বৰ্তমান অকামিলা আৰু এলেহুৱা হৈ পৰা বুলি থকা দুৰ্নাম নস্যাৎ কৰি এক উদ্যমী মনেৰে, কৰ্মজীৱনৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলোৱা যুৱকদ্বয় হৈছে ৰিংকু মাহান্তি আৰু নিৰন্ত গগৈ। ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে সংঘৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দুই যুৱকে জিলাখনৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চিলনী টিং, মাণিকী পথাৰকে আদি কৰি আন কেইবাখনো পথাৰত প্ৰায় ১২০ বিঘা মাটিত এই বছৰ ধানখেতি কৰিছে বুলি জানিব পৰা গৈছে। দুই যুৱকে আত্মসহায়ক গোটৰ অধীনত থকা ট্ৰেক্টৰৰ সহায়ত ৰঞ্জিত, বাহাদুৰ, বৰা, জহা আৰু মালভোগ ধানৰ খেতি কৰি এক কৃষি বিপ্লৱ সৃষ্টি কৰাৰ প্ৰয়াস চলাইছে। বতৰে বিধি-পথালি নিদিলে অনাগত দিনত যুৱকদ্বয়ে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম যে হ’ব, সেয়া নিশ্চিত। ইফালে, খৰালি কালত বিভিন্ন শাক-পাচলিৰ লগতে বৃহৎ পৰিমাণৰ সৰিয়হৰ খেতি কৰাৰ পৰিকল্পনা কৰা যুৱকদ্বয়ৰ এই আৰ্হিয়ে আহিবলগীয়া দিনবোৰত চৰাইদেউ জিলাৰ কৃষিভূমিত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ যে সক্ষম হব, সেয়া স্পষ্ট হৈ পৰিছে।
প্ৰেৰক দুষ্যন্ত নাথ