নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 চিকিৎসক-ফাৰ্মাচিষ্ট অবিহনে চলিছে হাফলুটিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট  : চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহত যাতে উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান, যথোপযুক্ত সা-সুবিধা থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিভিন্ন সভা-সমিতিৰ জৰিয়তে ব্যয়বহুল আঁচনি গ্ৰহণ কৰা বুলি ৰাইজক সৌগৰৱে কৈ  আহিছে । কিন্তু বিয়াগোম স্বাস্থ্য বিভাগটোৰ অভ্যন্তৰত চলি থকা আন্তঃগাঁথনিশূন্য পৰিৱেশৰ বাবেই  বিভাগটোৰ শ্মশান যাত্ৰা যে  কেতিয়াবাই আৰম্ভ হৈছে, সেই কথা শিৱসাগৰৰ  স্বাস্থ্যখণ্ডৰ  সামগ্ৰিক পৰিৱেশে বাৰুকৈয়ে উদঙাই দিছে । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলুপ্ত হোৱা একালৰ উজনি অসমৰ হাইপ্ৰফাইল আমগুৰি বিধানসভা সমষ্টি বৰ্তমানৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাফলুটিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৱেই হৈছে ইয়াৰ অন্যতম উদাহৰণ । যোৱা ১০  মাহে স্বাস্থ্যকেন্দ্ৰটোত নাই  এজনো চিকিৎসক |  পৰিতাপৰ বিষয় হ’ল, ঐতিহাসিক চাৰিং অঞ্চলৰ পূব প্ৰান্তৰ প্ৰায় ১২খন ভিতৰুৱা জনবহুল গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে কংগ্ৰেছৰ বিগত ১৫ বছৰীয়া শাসন কালত সেই সময়ৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তই হাফলুটিঙত প্ৰতিষ্ঠা কৰিছিল  স্বাস্থ্যকেন্দ্ৰটো । প্ৰায় ৯ বিঘা মাটিত আটকধুনীয়াকৈ চিকিৎসালয় আৰু ৭টাকৈ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ আৱাসগৃহ নিৰ্মাণ কৰা হৈছিল যদিও আজিলৈকে নিযুক্তি দিয়া নহ’ল এজনো স্থায়ী চিকিৎসক । লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা চিকিৎসকৰ আৱাসগৃহসমূহ ব্যৱহাৰ নোহোৱাকৈ এফালৰ পৰা জহি-খহি যোৱা পৰিলক্ষিত হৈছে ।  জনসাধাৰণক প্ৰতাৰণাৰে মাজে মধ্যে দুই-এজন প্ৰশিক্ষণৰত চিকিৎসকৰ জৰিয়তে চিকিৎসা কেন্দ্ৰটোৰ অস্তিত্ব বৰ্তাই ৰাখিছিল যদিও যোৱা ১০  মাহে কেন্দ্ৰটোত এজনো চিকিৎসক নোহোৱাত ভালুকৰ সাঙীত পৰিণত  হৈছে । অনুসন্ধান কালত পোহৰলৈ অহা খবৰ মতে, কেন্দ্ৰটোত নিযুক্তিপ্ৰাপ্ত এজন ফাৰ্মাচিষ্ট আছিল যদিও দীৰ্ঘদিনে চিকিৎসকৰ দৰে ৰোগীক চোৱাচিতা কৰি অহা তেনে এজন ফাৰ্মাচিষ্টে পদোন্নতি হোৱাৰ বিপৰীতে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ বদলি  কৰাত  ১২খন গাঁৱৰ জনসাধাৰণে বিনা চিকিৎসাই  অনিশ্চিত জীৱন যাপন কৰিব লগা হৈছে ।  সম্প্ৰতি  চিকিৎসক নোহোৱা পৰিস্থিতিৰ বাবেই চিকিৎসালয়খনত ক্ৰমে এৰাবাৰীসদৃশ পৰিৱেশ বিৰাজ কৰিছে । ইফালে, চিকিৎসা সেৱাৰ এনে দুৰৱস্থাৰ বাবে চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় জনসাধাৰণে।
প্ৰেৰক মৃগাংক হাজৰিকা
You might also like